• ১৪ হাজাৰ টকাৰে দেউতাকে কিনি দিছিল বেট! ঋষভ পণ্টে সুঁৱৰিলে শৈশৱৰ স্মৃতি

    ক্ৰীড়া
    ১৪ হাজাৰ টকাৰে দেউতাকে কিনি দিছিল বেট! ঋষভ পণ্টে সুঁৱৰিলে শৈশৱৰ স্মৃতি
    ডিজিটেল ডেস্কঃ আই পি এলত আশানুৰূপ ফৰ্মত খেলাৰ পাছত ঋষভ পন্তেও টি-২০ বিশ্বকাপ দলত স্থান লাভ কৰিছে। যোৱা শনিবাৰে তেওঁ সতীৰ্থসকলৰ সৈতে আমেৰিকালৈ গৈছিল।

     দেশৰ অন্যতম শ্ৰেষ্ঠ উইকেটকীপাৰ বেটছমেনক তেওঁৰ পিতৃয়ে সৰুতে কিনি দিছিল বেট। সেই বেটৰ বাবে ঘৰত নানা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। বিশ্বকাপ খেলিবলৈ যোৱাৰ আগতে পন্থে নিজেই এই ঘটনাৰ কথা কৈছিল।

    দেউতাকে আৰম্ভণিৰে পৰাই পন্থক ক্ৰিকেট খেলিবলৈ উৎসাহিত কৰিছিল। আনহাতে, মাকে বিচাৰিছিল পুতেকে ভালকৈ পঢ়া-শুনা কৰক। এবাৰ পন্থৰ দেউতাকে ভাল বেট এখন কিনি দিছিল।

    সেই ঘটনা সন্দৰ্ভত পান্থে কয়, "দেউতাই আগতে সপোন দেখিছিল যে মই এজন ভাল ক্ৰিকেটাৰ হ'ম। দেউতাৰ সপোন পূৰণ কৰি মই সুখী। মই পঞ্চম শ্ৰেণীত পঢ়ি থাকোঁতে ক্ৰিকেটাৰ হোৱাৰ সিদ্ধান্ত লৈছিলো। তাৰ পিছত দেউতাই মোক নতুন বেট এখন কিনি দিলে। বেটৰ দাম আছিল ১৪ হাজাৰ টকা। ইমান দামত দেউতাই বেট কিনিছে বুলি শুনি মাৰ বৰ খং উঠিল। বিষয়টোক লৈ পৰিস্থিতি যথেষ্ট উত্তপ্ত হৈ পৰিছিল।''

    এতিয়া অৱশ্যে ক্ৰিকেটাৰ পুত্ৰক লৈ মাতৃয়েও গৌৰৱ কৰিছে। ভৱিষ্যতৰ প্ৰতি চিন্তিত হৈ মাকে বিচাৰিছিল পুত্ৰই পঢ়া-শুনা কৰক। শৈশৱৰ এই সকলোবোৰ সৰু সৰু ঘটনা মনত পৰিলেই পন্থ আমোদ পায়। এই আই পি এলত ১৩খন খেলত ৪৪৬ ৰান সংগ্ৰহ কৰে দিল্লী কেপিটেলছৰ অধিনায়কগৰাকীয়ে।