• কেনে আছে পেলেৰ স্বাস্থ্য? অনুৰাগীমহলক উদ্বীগ্ন কৰি ৰখাৰ মাজতে কি বাৰ্তা দিলে ফুটবলৰ সম্ৰাটে?

    ক্ৰীড়া
    কেনে আছে পেলেৰ স্বাস্থ্য? অনুৰাগীমহলক উদ্বীগ্ন কৰি ৰখাৰ মাজতে কি বাৰ্তা দিলে ফুটবলৰ সম্ৰাটে?
    ডিজিটেল ডেস্কঃ বৰ্তমান সুস্থ আৰু শক্তিশালী হৈ আছে ফুটবলৰ ৰজা পেলে। শেহতীয়াকৈ কিংম্বদন্তি তাৰকাগৰাকীৰ শাৰিৰীক অৱস্থাৰ অৱনতিক লৈ উদ্বেগ বিয়পি পৰিছিল।

    শনিবাৰে চিকিৎসকসকলে জনাইছিল যে পেলেৰ শাৰীৰিক অৱস্থা অতি সংকটজনক। ‘পেলিয়াটিভ কেয়াৰ’ত ৰখা হৈছে তিনি বাৰৰ বিশ্বজয়ী ব্ৰাজিলীয়ান তাৰকাগৰাকীক। তাৰ পাছতে বিশ্বজুৰি পেলেৰ আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা কৰা হৈছিল।

    কিন্তু অনুৰাগীসকলৰ এই উদ্বেগক শাম কটাবলৈ পেলেই নিজেই নিজৰ শাৰিৰীক অৱস্থাৰ বিষয়ে আশ্বস্তবাণী প্ৰেৰণ কৰিছে। সামাজিক মাধ্যমযোগে এটা প’ষ্টত পেলেই লিখে- “বন্ধুসকল, সকলোৰে ভাল হওক। মই শক্তিশালী আৰু আশাবাদী হৈয়ে আছো।”

    “যথাযথভাৱেই প্ৰয়োজনীয় চিকিৎসা চলি আছে। মই সকলো চিকিৎসক আৰু নাৰ্চক ধন্যবাদ জনাব বিচাৰো। তেওঁলোকে মোৰ অত্যন্ত যত্ন লৈছে।”- পেলেই লিখে।

     “ঈশ্বৰৰ ওপৰত মোৰ প্ৰচুৰ আস্থা আছে। সমগ্ৰ বিশ্বৰ জনগণৰ ভালপোৱাই মোৰ প্ৰাণশক্তি ভৰপুৰ কৰি ৰাখিছে।”- পেলেই লিখে।

    নিজৰ প’ষ্টটোত তেওঁ চলিত কাটাৰ বিশ্বকাপৰ কথাও উল্লেখ কৰে। লিখে যে বিশ্বকাপত ব্ৰাজিল বিজয়ী হোৱালৈ তেওঁ বাট চাই আছে।

    উল্লেখ্য যে চাও পাওলোৰ এলবাৰ্ট আইনষ্টাইন হস্পিতালত ৰখা হৈছে পেলেক। হাওঁফাওঁত সংক্ৰমণ ঘটিছে ৮২ বৰ্ষীয় ফুটবলাৰগৰাকীৰ। যোৱা মঙলবাৰে হস্পিতালত ভৰ্তি কৰোৱা হৈছিল। এতিয়া হস্পিতালৰ তৰফৰ পৰাও কোৱা হৈছে ফুটবলাৰগৰাকীৰ শাৰিৰীক অৱস্থা বৰ্তমান স্থিতিশীল।