• ক্ৰিকেট বিশ্বকাপঃ অব্যাহত আছে ৰাছিনৰ চমক! শচীনে নোৱাৰা কাম কৰি দেখুৱালে তৰুণ কিৱি তাৰকাগৰাকীয়ে, ভংগ কৰিলে অভিলেখ

    ক্ৰীড়া
    ক্ৰিকেট বিশ্বকাপঃ অব্যাহত আছে ৰাছিনৰ চমক! শচীনে নোৱাৰা কাম কৰি দেখুৱালে তৰুণ কিৱি তাৰকাগৰাকীয়ে, ভংগ কৰিলে অভিলেখ
    ডিজিটেল ডেস্কঃ নিউজিলেণ্ডৰ অল ৰাউণ্ডাৰ ৰচিন ৰবীন্দ্ৰক এইবাৰ বিশ্বকাপৰ শ্ৰেষ্ঠ আৱিষ্কাৰ হিচাপে বিবেচিত হৈছে। শনিবাৰে পাকিস্তানৰ বিৰুদ্ধে প্ৰতিযোগিতাত তৃতীয় শতক অৰ্জন কৰে ৰেচিনে। একে সময়তে নিউজিলেণ্ডৰ এই অল ৰাউণ্ডাৰগৰাকীয়ে কেইবাটাও অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

    এদিনীয়া খেলত তিনিটা শতক অৰ্জন কৰা বিশ্বৰ আটাইতকৈ কম বয়সীয়া ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয় ৰাচিন। শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰিলে। ১৯৯৬ চনৰ বিশ্বকাপত শচীনে দুটা শতক অৰ্জন কৰিছিল। সেই সময়ত তেওঁৰ বয়স আছিল ২২ বছৰ। ২৩ বছৰ বয়সত ৰেচিনে তিনিটা শতক অৰ্জন কৰে। অর্থাৎ ইমান কম বয়সত শচীনেও বিশ্বকাপত তিনি শতক অর্জন কৰিব নোৱাৰিলে৷ কোনো ক্ৰিকেটাৰে প্ৰথম বিশ্বকাপত তিনিটা শতক অৰ্জন কৰিব পৰা নাই। এই ক্ষেত্ৰত ৰাছিন প্ৰথম।

    বিশ্বকাপত তিনিটা বা তাতকৈ অধিক শতক অৰ্জন কৰা ৰাচিনে বিশ্বৰ সপ্তমজন বেটছমেন হিচাপে পৰিগণিত হয়। এই ক্ষেত্ৰত বিশ্ব অভিলেখ গৰাকী হৈছে ৰোহিত শৰ্মা। ভাৰতীয় দলৰ অধিনায়কগৰাকীয়ে ২০১৯ চনৰ বিশ্বকাপত পাঁচটা শতক অৰ্জন কৰিছিল। শ্ৰীলংকাৰ কুমাৰ ছাংগাকাৰা আৰু দক্ষিণ আফ্ৰিকাৰ কুইণ্টন ডি ককে এটা বিশ্বকাপত চাৰিটা শতক অৰ্জন কৰিছে। সৌৰভ গাংগুলী, মাৰ্ক ৱাফ আৰু মেথিউ হেডনে একক বিশ্বকাপত তিনিটা শতক অৰ্জন কৰিছে।

    শনিবাৰে পাকিস্তানৰ বিৰুদ্ধে ৰাচিনে ৯৪ বলত ১০৮ ৰানৰ ইনিংছ খেলিছিল। তেওঁৰ বেটৰ পৰা ১৫টা চাৰি আৰু ১ ছয়। এই বিশ্বকাপত তেওঁ এই পৰ্যন্ত ৫২৩ ৰান সংগ্ৰহ কৰিছে।