• আইপিএলঃ ৰোহিতৰ 'বদলা’! হায়দৰাবাদৰ বিৰুদ্ধে বাউণ্ডেৰী লাইনত ফিল্ডিং কৰিবলৈ পঠালে হাৰ্দিকক, ভিডিঅ’ ভাইৰেল

    ক্ৰীড়া
    আইপিএলঃ ৰোহিতৰ 'বদলা’! হায়দৰাবাদৰ বিৰুদ্ধে বাউণ্ডেৰী লাইনত ফিল্ডিং কৰিবলৈ পঠালে হাৰ্দিকক, ভিডিঅ’ ভাইৰেল
    ডিজিটেল ডেস্কঃ যোৱা দেওবাৰে ভাইৰেল হৈছিল গুজৰাট-মুম্বাই খেলখনৰ এটা ভিডিঅ’। দেখা গ’ল যে প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মাক বাউণ্ডেৰীত ফিল্ডিং কৰি আছিল বৰ্তমানৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই। বহুতে এই ঘটনাক গৰিহণা দিয়ে। তিনিদিন পিছতে বিপৰীত দৃশ্য! এইবাৰ ৰোহিতে হাৰ্দিকক বাউণ্ডেৰীত ফিল্ডলৈ প্ৰেৰণ কৰে। এই দৃশ্য দেখা গ’ল হায়দৰাবাদ-মুম্বাইৰ খেলখনত।

    সেই মুহূৰ্তত হায়দৰাবাদৰ বেটিংৰ সন্মুখত মুম্বাইত যথেষ্ট হেঁচা পৰিছিল। কোনেও বুজিব পৰা নাছিল যে ফিল্ডাৰে ক’ত ৰান ৰখাব পাৰে। হাৰ্দিকৰ অসহায় অৱস্থা দেখি ৰোহিতে ধৰি ৰাখিব নোৱাৰিলে। তেওঁ আগবাঢ়ি আহি বুদ্ধিমত্তা ব্যৱহাৰ কৰি ফিল্ডাৰজনক সঠিক স্থানত ৰাখিলে। তাৰ পিছত হাৰ্দিকক বাউণ্ডেৰী লাইনৰ কাষেৰে ফিল্ডিং কৰিবলৈ যাবলৈ নিৰ্দেশ দিয়া হ’ল। প্ৰতিবাদ নকৰিলে হাৰ্দিকে। নিৰৱে নিৰ্দিষ্ট স্থানত ফিল্ডিং কৰিবলৈ যায়।

    আই পি এলৰ ইতিহাসত এটা ইনিংছত সৰ্বাধিক ৰান সংগ্ৰহ কৰে হায়দৰাবাদে। ৰোহিতৰ বুদ্ধিমত্তাই কিছু ৰান বাধা দিছিল যদিও মুম্বাইৰ বলাৰৰ অনিয়ন্ত্ৰিত বলিঙে ৰান বন্ধ কৰিব নোৱাৰিলে। ক্ৰীজলৈ অহা ট্ৰেভিছ হেড, অভিষেক শৰ্মা, হাইনৰিচ ক্লাচেনে হায়দৰাবাদৰ বলাৰক ৰানৰ বাবে থ্ৰেছ কৰিছে।