• বিশ্বকাপ ক্ৰিকেটঃ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে সৰ্বাধিক ছিক্সাৰ মৰাৰ অভিলেখ এতিয়া হিটমেন ৰোহিতৰ হাতত, কাক অতিক্ৰমিলে তেওঁ?

    ক্ৰীড়া
    বিশ্বকাপ ক্ৰিকেটঃ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে সৰ্বাধিক ছিক্সাৰ মৰাৰ অভিলেখ এতিয়া হিটমেন ৰোহিতৰ হাতত, কাক অতিক্ৰমিলে তেওঁ?
    ডিজিটেল ডেস্কঃ বিৰাট কোহলীৰ ঘৰুৱা খেলপথাৰত ৰোহিত শৰ্মাই বিশ্ব অভিলেখ ভংগ কৰে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ সকলো ফৰ্মেটতে সৰ্বাধিক ছয় ৰান সংগ্ৰহ কৰে ভাৰতীয় অধিনায়কগৰাকীয়ে। আফগানিস্তানৰ বিৰুদ্ধে অষ্টম অভাৰত তেওঁ এই অভিলেখ গঢ়িবলৈ সক্ষম হয়। এই প্ৰতিবেদন লিখাৰ সময়লৈকে তিনিটা ফৰ্মেটত ৰোহিতৰ ছয়ৰ সংখ্যা ৫৫৫। ক্ৰীছ গেইলৰ ছয়ৰ সংখ্যা হৈছে ৫৫৩টা।

    আফগানিস্তানৰ বিৰুদ্ধে নমাৰ পূৰ্বে ৰোহিতে ৫৫১টা ছয় কৰিছিল। অৰ্থাৎ গেইলক উফৰাই পেলাবলৈ তেওঁ তিনিটা ছয় মাৰিবলগীয়া হৈছিল। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ সকলো ফৰ্মেটতে ৪৭৩ ইনিংছত ৫৫৫টা ছয় অৰ্জন কৰিছে ৰোহিতে। ৫৫১ ইনিংছত ৫৫৩টা ছয় কৰে।

    এই তালিকাত তৃতীয় স্থানত আছে পাকিস্তানৰ শ্বাহিদ আফ্ৰিদি। তেওঁ ৫০৮ ইনিংছত ৪৭৬ টা ছয় মাৰে। নিউজিলেণ্ডৰ ব্ৰেণ্ডন মেককালাম ৪৭৪ ইনিংছত ৩৯৮ টা ছয় মাৰি সংগ্ৰহ কৰি চতুৰ্থ স্থানত আছে।

    পাঁচ নম্বৰ স্থানত আছে নিউজিলেণ্ডৰ মাৰ্টিন গুপটিল। তেওঁ ৪০২ ইনিংছত ৩৮৩টা ছয় কৰে। শীৰ্ষ পাঁচজন বেটছমেনৰ ভিতৰত এতিয়া খেলি থকা একমাত্ৰ বেটছমেন ৰোহিত। অৰ্থাৎ ছয়ৰ ক্ষেত্ৰত সকলোতকৈ আগুৱাই যোৱাৰ সুযোগ তেওঁৰ আছে।