• তিনি বছৰৰ পাছত এদিনীয়া বিশ্বকাপত খেলিবনে? জনালে ৰোহিত শৰ্মাই

    ক্ৰীড়া
    তিনি বছৰৰ পাছত এদিনীয়া বিশ্বকাপত খেলিবনে? জনালে ৰোহিত শৰ্মাই
    ডিজিটেল ডেস্কঃ ভাৰতীয় দলটোক টি-২০ বিশ্বকাপত ৰোহিত শৰ্মাই নেতৃত্ব দিব বুলি স্পষ্ট কৰি দিছে ব’ৰ্ডৰ সম্পাদক জয় শ্বাহে। কিন্তু তিনি বছৰৰ পাছত ৰোহিতক এদিনীয়া বিশ্বকাপত দেখা যাবনে? ৰোহিতে এটা সাক্ষাৎকাৰত এই বিষয়ে ইংগিত দিয়ে। তেওঁ কয় যে তেওঁৰ সপোন ভাৰতৰ হৈ বিশ্বকাপ জয় কৰা। অৱশ্যে ২০২৭ চনত খেলাৰ কথা তেওঁ স্পষ্টভাৱে কোৱা নাছিল।

    পৰিচালক গৌৰৱ কাপুৰ আৰু গায়ক এড শ্বীৰণৰ সৈতে হোৱা বাৰ্তালাপত ৰোহিতে উপস্থিত হয়। তাতে শ্বীৰানে তেওঁৰ ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে সুধিলে। ৰোহিতৰ উত্তৰ, “এতিয়ালৈকে প্ৰশিক্ষকৰ কথা ভবা নাই। কিন্তু জীৱনে মোক ক’লৈ লৈ যাব নাজানো। মই এতিয়া ভাল খেলি আছো। গতিকে আৰু কেইবছৰমান খেলাৰ হেঁপাহ। তাৰ পিছত কি হ’ব নাজানো।"

    ইয়াৰ উত্তৰত শ্বীৰানে প্ৰশ্ন কৰে যে, ভাৰতে বিশ্বকাপ জয় নকৰালৈকে খেলি থাকিবনে? হাঁহি হাঁহি ৰোহিতে উত্তৰ দিলে, “এইটো সঁচা যে মই বিশ্বকাপ জয় কৰিব খুব বিচাৰো। মোৰ সপোন বুলি ক’ব পাৰিবা।” কিন্তু এতিয়াৰ বাবে ৰোহিতৰ টাৰ্গেট অলপ ওচৰ চাপিছে। অহা বছৰ লৰ্ডছত অনুষ্ঠিত হ’বলগীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলখন আৰু এবাৰ খেলিব বিচাৰিছে বুলিও কয়। ক’লে, “অহা বছৰ লৰ্ডছত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ হ’ব। মই ইয়াক খেলিব বিচাৰো। আশাকৰোঁ আমি ফাইনেলত প্ৰৱেশ কৰিব পাৰিম।"