• ইংলেণ্ড বনাম ভাৰতঃ ছেহৱাগৰ অভিলেখ ভংগ কৰিলে যশস্বীয়ে

    ক্ৰীড়া
    ইংলেণ্ড বনাম ভাৰতঃ ছেহৱাগৰ অভিলেখ ভংগ কৰিলে যশস্বীয়ে
    ডিজিটেল ডেস্কঃ শনিবাৰে টেষ্ট ক্ৰিকেটত বীৰেন্দ্ৰ ছেহৱাগৰ অভিলেখ ভংগ হয়। ৰাঁচী টেষ্টৰ প্রথম ইনিংছত যশস্বীয়ে ১১৭টা বলত ৭৩ ৰানৰ ইনিংছ খেলিছিল৷ তেওঁ ৮ চাৰি আৰু ১ ছয়ৰে নিজৰ ইনিংছ সজাইছিল। সেয়া এক নতুন নজিৰ।

    কেলেণ্ডাৰ বৰ্ষত ভাৰতীয় ক্ৰিকেটাৰৰ মাজত টেষ্টত সৰ্বাধিক ছয়ৰ অভিলেখ আছে ছেহৱাগৰ নামত। ২০০৮ চনত প্ৰাক্তন অ’পেনাৰগৰাকীৰ বেটৰ পৰা ২২টা ছয় দেখা গৈছিল। শনিবাৰে ৰাঁচীত ২০২৪ চনত ২৩ সংখ্যক টেষ্ট ছয় মাৰে যশস্বীয়ে। 

    চলিত বৰ্ষৰ ৫৫ সংখ্যক দিনত ছেহৱাগৰ সৰ্বাধিক ছয়ৰ অভিলেখ ভংগ কৰে যুৱ বেটছমেনগৰাকীয়ে। বছৰটোত এতিয়াও ৩১১ দিন বাকী আছে। 

    ২০০৮ চনত ১৪খন টেষ্টৰ ২৭ ইনিংছত ২২টা ছয় সংগ্ৰহ কৰিছিল ছেহৱাগে। পাঁচখন টেষ্টৰ নৱম ইনিংছত যশৱীয়ে সেই অভিলেখ ভংগ কৰে। শনিবাৰে ইংলেণ্ডৰ স্পিনাৰ শ্বোৱেইব বছিৰক ছয় ৰানত আঘাত কৰি যশস্বৱীয়ে নতুন নজিৰ গঢ়ি তুলিছিল।

    এই তালিকাৰ তৃতীয় স্থানলৈ অৱনমিত হয় ঋষভ পন্ত। ২০২২ চনত টেষ্ট ক্ৰিকেটত তেওঁ ২১টা ছয় কৰিছিল। চতুৰ্থ স্থানত আছে ৰোহিত শৰ্মা। ভাৰতীয় দলৰ অধিনায়কে ২০১৯ চনত ৰেডবল ক্ৰিকেটত ২০টা ছয় মাৰে। তালিকাৰ পঞ্চম স্থানত আছে মায়ংক আগৰৱালা। ২০১৯ চনত তেওঁ টেষ্টত ১৮টা ছয় কৰিছিল।