• পুনৰ শুনিবলৈ পোৱা যাব সিদ্ধুৰ ৰসাল কমেণ্টৰী! ১০ বছৰৰ পাছত কমেণ্টেটৰ হিচাপে উভটি আহিছে নৱজোত সিং সিদ্ধু

    ক্ৰীড়া
    পুনৰ শুনিবলৈ পোৱা যাব সিদ্ধুৰ ৰসাল কমেণ্টৰী! ১০ বছৰৰ পাছত কমেণ্টেটৰ হিচাপে উভটি আহিছে নৱজোত সিং সিদ্ধু
    ডিজিটেল ডেস্কঃ ১০ বছৰৰ পিছত মন্তব্যকাৰী হিচাপে ঘূৰি আহিছে নৱজোত সিং সিদ্ধু। এসময়ত কমেণ্টেটৰ হিচাপে খ্যাতি অৰ্জন কৰিছিল প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে। পিছত যদিও ৰাজনীতিত ব্যস্ত হৈ পৰিল। বিভিন্ন বিতৰ্কতো জড়িত হৈছিল।

    এটা সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত সিদ্ধুৱে কয়, ‘কমেণ্টৰী মোৰ তেজত আছে। মানুহে মোক তাৰ বাবেই চিনি পায়। যেনেকৈ গুৰুৱে আমাক পাগুৰি দিছিল আৰু সেই পাগুৰি মোৰ পৰিচয়। কমেণ্টেৰী মোৰ চখ। ক্ৰিকেটাৰ হ’ব বিচৰা বহুতেই এতিয়া ডাক্তৰ হৈ পৰিছে। সৰুতে খেলুৱৈ হ’ব বিচৰা বহুত আছে, এতিয়া ব্যৱসায়ী। অতি কম সংখ্যক লোকেহে নিজৰ চখৰ পৰা জীৱিকা নিৰ্বাহ কৰিব পাৰে। মন্তব্য মোৰ বাবে তেনেকুৱাই। এইটো মোৰ নিজৰ এলেকা। এই কামটো মই অতি আৰামত কৰিব পাৰো।”

    ৬০ বছৰীয়া সিদ্ধু ভাৰতৰ অন্যতম শ্ৰেষ্ঠ মন্তব্যকাৰী। মানুহে তেওঁৰ মাত শুনিবলৈ অপেক্ষা কৰে। কেৱল আন্তৰ্জাতিক মেচতে নহয় আই পি এলৰ সন্দৰ্ভতো তেওঁ মন্তব্য কৰিছে। বিশেষকৈ হিন্দী ভাষাত সিদ্ধুৰ ধাৰাভাষ্য আৰু অধিক আগ্ৰহৰ বিষয়। এইবাৰ আই পি এলত শুনা যাব।