• বিশ্বকাপ ক্ৰিকেটঃ টীম ইণ্ডিয়াক জয়ী কৰোৱাত দূৰ্দান্ত ভূমিকা লৈছে যশপ্ৰীত বুমৰাহে! নিজৰ প্ৰদৰ্শনক লৈ কি ক’লে বেগী বলাৰগৰাকীয়ে?

    ক্ৰীড়া
    বিশ্বকাপ ক্ৰিকেটঃ টীম ইণ্ডিয়াক জয়ী কৰোৱাত দূৰ্দান্ত ভূমিকা লৈছে যশপ্ৰীত বুমৰাহে! নিজৰ প্ৰদৰ্শনক লৈ কি ক’লে বেগী বলাৰগৰাকীয়ে?
    ডিজিটেল ডেস্কঃ শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথমটো বলতে উইকেট ল’লে যশপ্ৰীত বুমৰাহ। চলিত বিশ্বকাপত দূৰ্দান্ত প্ৰদৰ্শন অব্যাহত ৰাখিছে বেগী বলাৰগৰাকীয়ে। ভাৰতক বিজয়ী কৰোৱাতো গুৰুত্বপূৰ্ণ ভুমিকা লৈছে তেওঁ।

    বুমৰাহে আঘাতৰ পৰা সুস্থ হৈ পুনৰ দলত যোগদান কৰিছে। প্ৰায় এবছৰ ধৰি বাহিৰত আছিল। এছিয়া কাপৰ পূৰ্বে আঘাতৰ পৰা সুস্থ হৈ উঠা বুমৰাহ দললৈ উভতি আহিছিল। যোৱা বছৰ তেওঁ টি-২০ বিশ্বকাপৰ দৰে ডাঙৰ প্ৰতিযোগিতাত আঘাতৰ বাবে খেলিব পৰা নাছিল। সেয়ে বহুতৰ মনত তেওঁৰ কেৰিয়াৰক লৈ শংকা জন্মিছিল।

    বুমৰাহে কয়, ‘মোৰ পত্নী (সঞ্জনা গণেশন)ও ক্ৰীড়া সংবাদ মাধ্যমৰ সৈতে জড়িত। গতিকে মোৰ কেৰিয়াৰক লৈ কিমান প্ৰশ্ন উত্থাপন হৈছিল মই জানো। পাৰ হৈ যোৱা সময় ঘূৰি নাহে। কিন্তু সেইটোত মই নিৰাশ হোৱা নাই। এতিয়া মই সুখী। আঘাতৰ পৰা সুস্থ হোৱাৰ পিছত পুনৰ খেলিব পাৰিম।’’

    তেওঁ কয়- ''মই বুজি পাওঁ এই খেলখন মই কিমান ভাল পাওঁ। মই খৰখেদা কৰিবলৈ ইচ্ছুক নাছিলোঁ। আঘাতৰ পৰা উভতি আহি খেল উপভোগ কৰিব বিচাৰিছিলো। মই ইতিবাচক মানসিকতা ৰাখিব বিচাৰিছিলো।"