• আইপিএলঃ শ্বাহৰুখৰ চিনেমাৰ গানত মজিল ৰিংকু-ৰাছেল! কোনখন চিনেমাৰ গান গালে কেকেআৰৰ তাৰকাদ্বয়ে

    ক্ৰীড়া
    আইপিএলঃ শ্বাহৰুখৰ চিনেমাৰ গানত মজিল ৰিংকু-ৰাছেল! কোনখন চিনেমাৰ গান গালে কেকেআৰৰ তাৰকাদ্বয়ে
    ডিজিটেল ডেস্কঃ আই পি এলত একেৰাহে দুখন খেলত জয়লাভ কৰিছে কলকাতা নাইট ৰাইডাৰ্ছে। গোটেই দলটোৰ আমেজ উল্লাসিত। বিশাখাপট্টনমত অনুষ্ঠিত হ’বলগীয়া পৰৱৰ্তী মেচত দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলিব কেকেআৰে। তাৰ আগতে ৰিংকু সিং, আন্দ্ৰে ৰাছেলে শ্বাহৰুখ খানৰ চিনেমাৰ গীত গাইছিল।

    এই দৃশ্য দেখা গ’ল বাংগালুৰুৰ পৰা বিশাখাপট্টনমলৈ যোৱা বিমানত। ভিডিঅ’টো পোষ্ট কৰিছে কেকেআৰে। প্ৰথমে ৰিংকুৱে শ্বাহৰুখৰ ‘ডাংকি’ চিনেমাৰ ‘লুট পুট গয়া’ গীতটো গাইছিল। পিছত তেওঁ ৰাছেলক গান গাবলৈ ক’লে। ৰাছেলে ক’লে- ‘সেইটোৱেই মোৰ প্ৰিয় গীত।” ইয়াৰ পিছত ৰাছেলে দুটা শাৰী গাই হাঁহিলে। বাকী দলৰ সতীৰ্থসকলেও ৰাছেলৰ কণ্ঠত গীতটো শুনি হাঁহিবলৈ ধৰিলে। 

    শ্বাহৰুখৰ প্ৰতি ৰাছেলৰ প্ৰেম প্ৰথম নহয়। বছৰৰ আৰম্ভণিতে গাড়ী চলাই থকাৰ সময়তো ৰাছেলে এই গীতটো গাইছিল। তেতিয়াও ভিডিঅ’টো ভাইৰেল হৈ পৰিছিল। কেৱল সেয়াই নহয়, পূৰ্বতে ৰিংকুৱেও শ্বাহৰুখৰ গান গাইছে। চিনেমা চাবলৈ যোৱাৰ ছবি এখন পোষ্ট কৰিলে। ইডেন গাৰ্ডেনত হায়দৰাবাদৰ বিৰুদ্ধে প্ৰথমখন খেলৰ বাবে দৰ্শকৰ মাজত আছিল শ্বাহৰুখ। তেওঁৰ সন্মুখত দেখা গ’ল ৰাছেল-ধুমুহা।