• আইপিএলঃ নিজৰ বায়’পিক নিৰ্মাণ হোৱাটো বিচাৰে জছ বাটলাৰে! বিচাৰে শ্বাহৰুখৰ অভিনয়

    ক্ৰীড়া
    আইপিএলঃ নিজৰ বায়’পিক নিৰ্মাণ হোৱাটো বিচাৰে জছ বাটলাৰে! বিচাৰে শ্বাহৰুখৰ অভিনয়
    ডিজিটেল ডেস্কঃ দলৰ জয় চাবলৈ গৈছিল। কিন্তু শ্বাহৰুখ খানে  হতাশা লৈ উভতি আহিব লগা হৈছিল। ইডেন গাৰ্ডেনত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে পৰাস্ত হয় কলকাতা নাইট ৰাইডাৰ্ছ। অৱশ্যে মেচখনৰ পাছত শ্বাহৰুখে এখন নতুন বায়’পিকৰ অফাৰ লাভ কৰে। ৰাজস্থানৰ বিজয়ৰ নায়ক জোছ বাটলাৰে তেওঁক এই অফাৰ দিছিল।

    ইডেনত খেলখনৰ পিছত বাটলাৰৰ সাক্ষাৎকাৰ লৈ আছিল ৰাজস্থানৰ বলাৰ ট্ৰেণ্ট ব’ল্ট। তেওঁ সুধিলে, যদি বাটলাৰৰ বায়’পিক আছে, তেন্তে তেওঁৰ চৰিত্ৰত কোনজন অভিনেতাক চাব বিচাৰিব? বাটলাৰে লগে লগে উত্তৰ দিলে, “শ্বাহৰুখ!" এই কথা শুনি ব’ল্টেও ক’লে, “হয়, আমি সকলোৱে শ্বাহৰুখক ভাল পাওঁ।”

    খেলখনৰ শেষত শ্বাহৰুখ খেলপথাৰলৈ নামি আহি বাটলাৰক লগ পায়। ২০ অভাৰ বেটিং কৰি খেলপথাৰত বহিছিল বাটলাৰে। শ্বাহৰুখ তাৰ ফালে অহাত সি উঠিবলৈ গ’ল। তেতিয়া শ্বাহৰুখে হাতখন দেখুৱাই বহিবলৈ ক’লে। ইয়াৰ পিছত বাটলাৰে থিয় হৈ শ্বাহৰুখৰ লগত হাত মিলাই দিলে। কেকেআৰৰ মালিকে ৰাজস্থানৰ বেটছমেনক সাৱটি ধৰি পিঠিত থপৰিয়াই দিলে। শ্বাহৰুখে দুয়োটা দলৰ বাকী ক্ৰিকেটাৰকো সাক্ষাৎ কৰে।