ডিজিটেল ডেস্কঃ শেষ হ’ল আই পি এল। এইবাৰ জাতীয় দলৰ কথা ভাবিছে ক্ৰিকেটাৰসকলে। টি২০ বিশ্বকাপ সন্মুখত। ইয়াৰ ব্যতিক্ৰম নহয় কলকাতা নাইট ৰাইডাৰ্ছৰ মিচেল ষ্টাৰ্ক। অষ্ট্ৰেলিয়াৰ শক্তিশালী বলাৰগৰাকীয়ে ভাবে যে বিশ্বকাপত আই পি এলৰ দৰে ৰান নহ’ব। ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাৰ পিটছত বলাৰসকলে শক্তি প্ৰদৰ্শন কৰিব।
কেকেআৰৰ হৈ খিতাপ দখল কৰাৰ পিছত আইপিএলৰ আটাইতকৈ দামী ক্ৰিকেটাৰগৰাকীয়ে কয়, ‘বিশ্ব টি-২০ত আইপিএলৰ দৰে ইমপেক্ট প্লেয়াৰ ৰুল নাথাকিব। সকলো দলেই অল-ৰাউণ্ডাৰৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰিবলগীয়া হয়। আই পি এলৰ দৰে বেটিং অল ৰাউণ্ডাৰক আঠ নম্বৰত ড্ৰপ কৰাটো সম্ভৱ নহ’ব। টি-২০ বিশ্বকাপত ইমান ৰান হ’ব বুলি মই নাভাবো। সকলো দলে এজন বেটছমেন কমকৈ খেলিব লাগিব।’
ষ্টাৰকে কয় - ‘‘আই পি এলত পাৱাৰ প্লে’ত বেটছমেনসকলে বহু বেছি সাহস দেখুৱাইছে। অতি ভাল বেট-বল সংযোগ হৈছে। বেটিঙৰ বাবে পিটচবোৰ যথেষ্ট ভাল আছিল। ৱেষ্ট ইণ্ডিজত হয়তো এনে পিটচ নাথাকিবও পাৰে। তাত থকা পিটচবোৰ স্পিন-ফ্ৰেণ্ডলী। প্ৰতিযোগিতা আগবাঢ়ি যোৱাৰ লগে লগে ২২ গজৰ গতি লেহেমীয়া হ’ব। বলটোৰ গতি কম হ’ব। স্পিনাৰসকলেও অধিক সহায় পাব। আই পি এলতকৈ টি-২০ বিশ্বকাপত যেন বলাৰৰ গুৰুত্ব বেছি হ’ব৷’’
Leave A Comment