• 'তেওঁ পৰিস্থিতি অনুসৰি খেলে', টি-২০ বিশ্বকাপত বিৰাট কোহলীক দেখা পোৱাৰ আশা ব্যক্ত কৰিলে ষ্টিভ স্মিথে

    ক্ৰীড়া
    'তেওঁ পৰিস্থিতি অনুসৰি খেলে',  টি-২০ বিশ্বকাপত বিৰাট কোহলীক দেখা পোৱাৰ আশা ব্যক্ত কৰিলে ষ্টিভ স্মিথে
    ডিজিটেল ডেস্কঃ বিৰাট কোহলীৰ প্ৰশংসাত গদগদ হৈ পৰিছে অষ্ট্ৰেলিয়াৰ অভিজ্ঞ বেটছমেন ষ্টিভ স্মিথ। স্মিথে   বিৰাট কোহলীক প্ৰশংসা কৰি কৈছে   তেওঁ কেতিয়া কেনেধৰণে খেলিব লাগে সেয়া জানে। বিৰাট কোহলীয়ে টি-২০ বিশ্বকাপ ২০২৪ ত খেলিব নে নেখেলে তাকে লৈ বিতৰ্ক অব্যাহত আছে। যদি কোনোবাই তেওঁৰ ষ্ট্ৰাইক ৰেটৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে, তেন্তে কোনোবাই তেওঁক এই টুৰ্ণামেণ্টত খেলাটো বিচাৰিছে। বিৰাটক টি-২০ত বিচৰাসকলৰ সুৰতে সুৰ মিলাই স্মিথে কৈছে যে বিৰাটক টি-২০ত যিকোনো প্ৰকাৰে খোলোৱাৰ ব্যৱস্থা কৰিব লাগে।

    এক সাক্ষাৎকাৰত  স্মিথে কোহলীৰ গুৰুত্বৰ বিষয়ে মন্তব্য কৰি কয়, "তেওঁ পৰিস্থিতি অনুসৰি খেলে। কেতিয়াবা ষ্ট্ৰাইক ৰেট  উচ্চ নহ’বও পাৰে। বিৰাটে তেওঁৰ  সন্মুখৰ পৰিস্থিতি সুন্দৰভাবে চম্ভালি লৈ সেই  অনুসৰি খেলে। আমি বিৰাটক বহু মাষ্টাৰক্লাছ ইনিংছ খেলা আৰু দলক বিজয়ৰ দিশে লৈ যোৱা দেখিছোঁ। মই বিৰাটক আমাৰ দলৰ বিৰুদ্ধে বহুবাৰ একেটা ৰূপত দেখিছোঁ।’’
     

    স্মিথে কয় "কোহলী সেইসকলৰ মাজৰে এজন যিয়ে চাপৰ মাজতো সঁচাকৈয়ে ভাল প্ৰদৰ্শন কৰিব পাৰে।’’
    উল্লেখ্য ভাৰতে এতিয়াও টি-২০  প্ৰতিযোগিতাৰ বাবে  দল চূড়ান্ত কৰা নাই। এনে পৰিস্থিতিতপ্ৰতিজন ক্ৰিকেটাৰে আই পি এলত ভাল প্ৰদৰ্শন কৰি   ভাৰতীয় দলত স্থান লাভ কৰিব বিচাৰিছে।