• আইপিএলঃ ঘণ্টাত ১৫৫.৮ কিলোমিটাৰ বেগত বল কৰি চাঞ্চল্য মায়ংকৰ! বেগী বলাৰগৰাকীৰ আদৰ্শ কোন?

    ক্ৰীড়া
    আইপিএলঃ ঘণ্টাত ১৫৫.৮ কিলোমিটাৰ বেগত বল কৰি চাঞ্চল্য মায়ংকৰ! বেগী বলাৰগৰাকীৰ আদৰ্শ কোন?
    ডিজিটেল ডেস্কঃ বৰ্তমানৰ আই পি এলৰ আটাইতকৈ দ্ৰুততম বলটো তেওঁৰ হাতৰ পৰা আহিছিল। আই পি এলত অভিষেক ঘটোৱাৰ সময়তে দৃষ্টি আকৰ্ষণ কৰিছিল মায়ংক যাদৱে। তেওঁ ঘণ্টাত ১৫০ কিলোমিটাৰতকৈ অধিক বেগত বলিং কৰিছিল। সৰ্বোচ্চ গতিবেগ প্ৰতি ঘণ্টাত ১৫৫.৮ কিলোমিটাৰ দেখুৱাইছে। ২১ বছৰীয়া মায়ংকৰ আদৰ্শ কিন্তু যশপ্ৰীত বুমৰাহ নহয়। কোনজন বলাৰ তেওঁৰ আদৰ্শ?

    মেচৰ অন্তত মায়ংকক সোধা হৈছিল যে তেওঁ কোনজন পেচাৰৰ দৰে হোৱাৰ সপোন দেখে। ইয়াৰ উত্তৰত মায়ংকে কয়, ‘এজন শক্তিশালী বলাৰক চাই মই নিজকে বনালোঁ। ডেল ষ্টেইন। তেওঁ মোৰ আদৰ্শ। তেওঁৰ খেলা চাই মই বহুত শিকিছো।"

    সৰুৰে পৰাই তেওঁ গতি ভাল পাইছিল। গতিকে গতিৰ পথত আগবাঢ়িছে। খেলপথাৰতো বেটছমেনক বেটছমেনক পৰাস্ত কৰিব বিচাৰিছে মায়াংকে। তেওঁ কয়, “গতিয়ে মোক সুখী কৰে। উত্তেজিত কৰে। সৰুৰে পৰা ৰকেট, বিমান, ছুপাৰবাইক দেখি ভাল পাইছিলোঁ। সৰুৰে পৰা গতিৰ প্ৰতি থকা প্ৰেমে মোক পেচাৰ কৰি তুলিছিল। মই মোৰ বলৰ গতি বৃদ্ধি কৰিব বিচাৰো।"

    ২০২২ চনৰ নিলামত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ক্ৰয় কৰিছিল মায়ংকক। কিন্তু যোৱা দুবছৰত তেওঁ সুযোগ নাপালে। যোৱা বছৰ আঘাতৰ বাবে খেলপথাৰৰ বাহিৰত থাকিব লগা হৈছিল। আঘাতৰ কথা কওঁতে মায়ংকে কয়, ‘আঘাত এজন বেগী বলাৰৰ জীৱনৰ এটা অংশ। যোৱা বছৰ আঘাতৰ বাবে আই পি এল খেলিব পৰা নাছিল। আশাকৰোঁ এইবাৰ ভাল খেলিব পাৰিম।"