• T-20ত ৮০০০ ৰানৰ ক্লাবত প্ৰৱেশ সূৰ্যকুমাৰ যাদৱৰ

    ক্ৰীড়া
    T-20ত ৮০০০ ৰানৰ ক্লাবত প্ৰৱেশ সূৰ্যকুমাৰ যাদৱৰ
    ডিজিটেল ডেস্কঃ ভাৰতৰ তাৰকা বেটাৰ সূৰ্যকুমাৰ যাদৱে ৰেকৰ্ড বুকত নিজৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে। ইণ্ডিয়ান প্রিমিয়াৰ লীগত (আই পি এল) দুৰন্ত প্ৰদৰ্শন দাঙি ধৰি সূৰ্যকুমাৰে পঞ্চমগৰাকী ভাৰতীয় বেটাৰ হিচাপে টি-২০ ক্রিকেটত ৮০০০ ৰানৰ ক্লাবত প্ৰৱেশ কৰিছে।

    চলিত আই পি এলত সোমবাৰে ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ানছৰ ৮ উইকেটত জয়ী হোৱা খেলখনত সূর্যকুমাৰে সেই কৃতিত্ব অর্জন কৰে। 

    অষ্টাদশ সংস্কৰণৰ আই পি এলত প্রথম জয়ৰ সোৱাদ পোৱা মুম্বাইৰ ইনিংছত ২৭ ৰানৰ অবিজিত অৱদান যোগায় সূর্যকুমাৰে। তেওঁৰ বেটৰ পৰা অহা ছিক্সাৰৰ জৰিয়তেই মুম্বায়ে জয়েৰে খেল সামৰে। 

    সূৰ্যকুমাৰে ৯টা বল খেলি তিনিটা চাৰি আৰু ২টা ছয়েৰে নিজৰ অবিজিত ইনিংছটো সজাইছিল। সূৰ্যকুমাৰৰ আগেয়ে টি-২০ ক্রিকেটত বিৰাট কোহলীয়ে ১২,৯৭৬, ৰোহিত শর্মাই ১১,৮৫১, শিখৰ ধাৱানে ৯,৭৯৭ আৰু সুৰেশ ৰাইনাই কৰিছিল ৮,৬৫৪ ৰান।

    উৎস- দৈনিক জনমভূমি