• ভাৰতৰ জোঁৱাই হ’ব কাগিছ’ ৰাবাডা! শহুৰেকৰ স’তে কিদৰে বাৰ্তালাপ কৰিলে স্পীডষ্টাৰজনে?

    ক্ৰীড়া
    ভাৰতৰ জোঁৱাই হ’ব কাগিছ’ ৰাবাডা! শহুৰেকৰ স’তে কিদৰে বাৰ্তালাপ কৰিলে স্পীডষ্টাৰজনে?

    ডিজিটেল ডেস্কঃ মুথায়া
    মুৰুলিধৰণ, গ্লেন মেক্সৱেল, শ্ব’ন টেইট, ছোৱেইব মালিকৰ দৰে তাৰকাৰ পাছত এইবাৰ
    কাগিছ’ ৰাবাডা। ভাৰতৰ জোঁৱাই হ’বলৈ ওলাইছে দক্ষিণ আফ্ৰিকাৰ স্পীডষ্টাৰজন।



    টি-২০ বিশ্বকাপৰ পূৰ্বে সেয়ে
    ভাৰতত থকা তেওঁৰ প্ৰেয়সী আৰজে কৰিশ্মা তথা ভাবী শহুৰেকৰ ঘৰত উপস্থিতি হয় আৰু ভাবৰ
    আদান-প্ৰদান কৰে। কিন্তু শহুৰৰ ঘৰত উপস্থিত হৈয়েই নাৰ্ভাছ হৈ পৰাৰ উপক্ৰম হৈছিল
    খেলপথাৰত বাঘা বাঘা বেটাৰৰ সন্ত্ৰাসৰ কাৰণ হৈ পৰা ৰাবাডা।



    সামাজিক মাধ্যমত দিয়া এটা
    প’ষ্টত দেখা গৈছে প্ৰেয়সী কৰিশ্মাক লগত লৈ ভাবী শহুৰেকৰ আগত কৰজোৰে নিবেদন জনাইছে
    ৰাবাডাই। স্পীডষ্টাৰগৰাকীয়ে হিন্দীত এইদৰে কোৱা শুনা গৈছে- “নমস্তে! মই আপোনালোকৰ
    পৰিয়ালক লগ পাই ধন্য হৈ পৰিছো।”



    ৰাবাডাই হিন্দীত কথাখিনি
    ক’লেও তেওঁৰ মুখত হিন্দী সলসলীয়াকৈ ফুটা নাই। ধন্য শব্দটো উচ্চাৰণ তেওঁ ধনিয়া
    হিচাপে কৰিছে- “মে আপকে পৰিবাৰ ক’ পাকে ধনিয়া হ’ গেয়া হু’।



    আৰু বহুকেইটা হিন্দী শব্দ
    তেওঁ ভুলকৈ উচ্চাৰণ কৰিছে। যেনে-  সেইসমূহ প্ৰেয়সী
    কৰিশ্মাই সংশোধন কৰি দিয়া ভিডিঅ’টোত দেখা গৈছে। ৰাবাডাৰ এই বিনয়ী আচৰণে মুগ্ধ কৰে
    সকলোকে।



    mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
    Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-font-family:Arial;mso-bidi-theme-font:
    minor-bidi;mso-bidi-language:AS">