• বিদেশত কিয় জন্ম দিয়া হৈছিল পুত্ৰসন্তান? জনালে বিৰাট কোহলীয়ে

    ক্ৰীড়া
    বিদেশত কিয় জন্ম দিয়া হৈছিল পুত্ৰসন্তান? জনালে বিৰাট কোহলীয়ে
    ডিজিটেল ডেস্কঃ সোমবাৰে আই পি এলত পঞ্জাব কিংছৰ বিৰুদ্ধে মেচ বিজয়ী ৪৯ বলত ৭৭ ৰান খেলাৰ পাছত কোহলীয়ে কয় যে যোৱা দুমাহে তেওঁৰ জীৱন সলনি কৰি পেলাইছে। কাৰণ পুত্ৰ অকাই জন্ম হৈছিল। দ্বিতীয় সন্তান জন্ম হোৱাৰ সময়ত তেওঁ দেশত নাছিল। সকলোবোৰ পূৰ্ব পৰিকল্পিত আছিল। পত্নী অনুষ্কা শৰ্মাৰ সৈতে লণ্ডনলৈ গুচি যায়। আকায়ৰ জন্ম তাতেই হৈছিল। 

    সোমবাৰে কোহলীয়ে কয় - ''মই এনেকুৱা ঠাইলৈ যাব বিচাৰিছিলো য’ত আমাক কোনেও চিনি নাপাব। মাত্ৰ দুমাহৰ বাবে মই নিজৰ মতে থাকিব বিচাৰিছিলো। স্বাভাৱিক জীৱন যাপন কৰিব বিচাৰিছিলো। এই অভিজ্ঞতা অসাধাৰণ।’’

    দ্বিতীয় সন্তান জন্মৰ পিছতেই সলনি হৈছে কোহলীৰ জীৱন। তেওঁ ক'লে, "মই এতিয়া দুটা সন্তানৰ পিতৃ। মোৰ পাৰিবাৰিক জীৱন সলনি হৈছে। আমি বহুত সময় একেলগে কটালোঁ। ছোৱালীজনীৰ লগত সময় কটাব পাৰিলোঁ। মই ভগৱানৰ ওচৰত কৃতজ্ঞ যে মই মোৰ পৰিয়ালৰ সৈতে ইমান সময় কটাবলৈ সুযোগ পাইছো। যোৱা দুমাহত মোৰ আন এটা দিশ আছে বুলি মই উপলব্ধি কৰিছো। এই ধাৰণাটো অসাধাৰণ।''