• এটাও বল নকৰাকৈয়ে উইকেট! বিৰাটৰ জন্মদিনত অনুষ্কাই লিখিলে আৱেগিকভৰা প’ষ্ট, শ্বেয়াৰ কৰিলে কোহলীৰ এটা বিশেষ অভিলেখৰ কথা

    ক্ৰীড়া
    এটাও বল নকৰাকৈয়ে উইকেট! বিৰাটৰ জন্মদিনত অনুষ্কাই লিখিলে আৱেগিকভৰা প’ষ্ট, শ্বেয়াৰ কৰিলে কোহলীৰ এটা বিশেষ অভিলেখৰ কথা
    ডিজিটেল ডেস্কঃ বিৰাট কোহলীয়ে ৩৫ বছৰ সম্পূৰ্ণ কৰিলে। ভাৰতীয় প্ৰাক্তন অধিনায়কগৰাকীয়ে এইবাৰ কলকাতাত জন্মদিন অতিবাহিত কৰিছে। ক্ৰিকেটপ্ৰেমীৰ বাবে কোহলীৰ জন্মদিনক লৈ সৃষ্টি হোৱা উন্মাদনাৰ অন্ত নাই। বহুতে তেওঁক অভিনন্দন জনায়। কিন্তু কোহলীয়ে হয়তো পত্নী অনুষ্কা শৰ্মাৰ পৰা সৰ্বোত্তম বাৰ্তা পালে। য’ত তেওঁ কোহলীৰ এক বিৰল অভিলেখৰ কথা উল্লেখ কৰে।

    বলীউডৰ অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াত স্বামীক জন্মদিনৰ শুভেচ্ছা জনায়। অনুষ্কাই লিখিছে, ‘জীৱনৰ প্ৰতিটো ভূমিকাতে তেওঁ আক্ষৰিক অৰ্থত ব্যতিক্ৰমী। মই তোমাক নিঃচৰ্তভাৱে ভাল পাওঁ। সকলোতকৈ বেছি প্ৰেম, যিকোনো ধৰণে, যিকোনো পৰিস্থিতিত।''

    অনুষ্কাই নিজৰ ষ্টেটাছতত বিভিন্ন ইমোজি ব্যৱহাৰ কৰিছে। বলীউডৰ অভিনেত্ৰীগৰাকীয়ে কোহলীৰ এখন ধেমেলীয়া ছবি আৰু দুয়োৰে একেলগে থকা এখন ছবিও শ্বেয়াৰ কৰে।

    অনুষ্কাই ছ’চিয়েল মিডিয়াত অনুৰাগীৰ সৈতে ক্ৰিকেটাৰ কোহলীৰ বিষয়ে এক আমোদজনক তথ্য শ্বেয়াৰ কৰে। টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত বৈধ বল বলিং নকৰাকৈ এটা উইকেট লোৱা কোহলীয়ে একমাত্ৰ বলাৰ। মহেন্দ্ৰ সিং ধোনীয়ে ২০১১ চনত ইংলেণ্ডৰ বিৰুদ্ধে কোহলীক বলিং কৰিবলৈ অনুমতি দিছিল। প্ৰথমটো বল কোহলীয়ে ৱাইড কৰে। সেই বলটোৰে ধোনীয়ে কেভিন পিটাৰছনক ষ্টাম্পিং কৰিছিল। বল গণনা নহ’লেও কোহলীয়ে ১ ৰানত ১ উইকেট লাভ কৰে। সেই অৱস্থাত কোহলীৰ বলিঙৰ সংখ্যা আছিল ০-০-১-১। অনুষ্কাই নিজৰ ষ্টেটাছত এই বিষয়ে উল্লেখ কৰিছে।