• কোহলী অনুৰাগীৰ বাবে সুখবৰ! ৰোণাল্ডো, মেছিৰ পাছতে স্থান লাভ কৰিলে বিৰাটে, ক’ত?

    ক্ৰীড়া
    কোহলী অনুৰাগীৰ বাবে সুখবৰ! ৰোণাল্ডো, মেছিৰ পাছতে স্থান লাভ কৰিলে বিৰাটে, ক’ত?
    ডিজিটেল ডেস্কঃ ৰোণাল্ডো, মেছিৰ পাছতে স্থান লাভ কৰিছে কোহলীয়ে। ইনষ্টাগ্ৰামত সৰ্বাধিক ফলোৱাৰ্ছ থকা চেলিব্ৰেটীসকলৰ ভিতৰত অন্যতম হৈছে টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলী। এইবাৰ কোহলীয়ে ইনষ্টাগ্ৰামৰ দ্বাৰা সৰ্বাধিক আয় কৰা চেলিব্ৰেটীৰ ভিতৰত তৃতীয় স্থান দখল কৰিছে।

    জানিব পৰা মতে, ইনষ্টাগ্ৰাম স্পনচ’ৰশ্বিপৰ যোগেৰে কোহলীয়ে ২০২১ চনত ৩৬.৭ মিলিয়ন ডলাৰ আয় কৰিছে। ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰোণাল্ডোৱে ৮৫ মিলিয়ন ডলাৰ আৰু লিঅ’নেল মেছিয়ে ৭২ মিলিয়ন ডলাৰ উপাৰ্জন কৰিছে।

    তেওঁলোকৰ পাছতে আছে কোহলী। বৰ্তমান টি২০ বিশ্বকাপৰ বাবে অষ্ট্ৰেলিয়াত থকা কোহলীৰ বাবে নিশ্চয়কৈ ই ভাল খবৰ।

    আনহাতে, ইনষ্টাগ্ৰামত এইদৰে সৰ্বাধিক আয় কৰা শীৰ্ষ দহজন চেলিব্ৰেটৰ ভিতৰত ৰোণাল্ডো, মেছি আৰু কোহলীৰ বাদে আন কোনো ক্ৰীড়াবিদ নাই। আন চেলিব্ৰেটীসকলৰ ভিতৰত আছে বিয়’ন্স, কেভিন হাৰ্ট, ডুৱা লিপা ইত্যাদি।