ডিজিটেল ডেস্কঃ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বেটছমেনসকলৰ ভিতৰত বিৰাট কোহলী অন্যতম৷ ৩৩ বছৰ বয়সতো তেওঁৰ ফিটনেছে বহুতকে আচৰিত কৰি আহিছে। কোহলী পঢ়াশুনাত কেনে আছিল ? তেওঁ মাধ্যমিকৰ পৰীক্ষাত কোন বিষয়ত কিমান নম্বৰ লাভ কৰিছিল? বিৰাটে শেহতীয়াকৈ তেওঁৰ মেট্ৰিক পৰীক্ষাৰ মাৰ্কশ্বীটখন ৰাজহুৱা কৰিছে।
বিৰাটে ইণ্টাৰনেটত তেওঁৰ মাৰ্কশ্বীটৰ এখন ছবি আপলোড কৰিছে। কোহলীয়ে দিয়া তেওঁৰ মাৰ্কশ্বীট অনুসৰি কোহলীয়ে পৰীক্ষাত কেৱল ইংৰাজীতহে এ প্লাছ পাইছিল। কোহলীয়ে ইংৰাজীত ৮৩ নম্বৰ লাভ কৰিছিল৷ ইয়াৰ উপৰি তেওঁ হিন্দীত ৭৫, গণিতত ৫১, বিজ্ঞান আৰু প্ৰযুক্তিত ৫৫, সামাজিক বিজ্ঞানত ৮১ আৰু তথ্য প্ৰযুক্তিত ৭৪ নম্বৰ লাভ কৰিছিল।
বিৰাট বৰ্তমান আই পি এলৰ বাবে প্ৰস্তুতিত ব্যস্ত হৈ আছে। তেওঁ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বাবে অনুশালনত যথেষ্ট সময় অতিবাহিত কৰিছে। দলটোৰ প্ৰশিক্ষক শংকৰ বসুৱে বিৰাটক উচ্চ প্ৰশংসা কৰিছে। বিৰাটে পূৰ্বে আই পি এলৰ ২২৩ খন খেলত ৬৬২৪ ৰাণ সংগ্ৰহ কৰিছে। বিৰাট হৈছে একমাত্ৰ ক্ৰিকেটাৰ যিয়ে ২০০৮ চনৰ পৰা ফ্ৰেঞ্চাইজিৰ হৈ একেৰাহে খেলি আছে। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে ২ এপ্ৰিলত চলিত বৰ্ষৰ আই পি এলৰ প্ৰথমখন খেল খেলিব।
Leave A Comment