• নেট প্ৰেকটিছত কাৰ হাতৰ হাঁড় ভাঙিছিল যশস্বীয়ে? আইপিএলৰ পূৰ্বে তৰুণ তাৰকাগৰাকীৰ বিষয়ে জনালে সঞ্জু ছেমছনে

    ক্ৰীড়া
    নেট প্ৰেকটিছত কাৰ হাতৰ হাঁড় ভাঙিছিল যশস্বীয়ে? আইপিএলৰ পূৰ্বে তৰুণ তাৰকাগৰাকীৰ বিষয়ে জনালে  সঞ্জু ছেমছনে
    ডিজিটেল ডেস্কঃ যশস্বী জয়ছৱালে নেট প্ৰেকটিছ ৰি থকাৰ সময়ত সহায়ক কৰ্মচাৰীৰ কান্ধৰ হাড় ভাঙি দিছিল। ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু চেমছনে এইদৰে কয়। 

    সঞ্জুৱে কয়, ‘আগন্তুক তিনি-চাৰি বছৰলৈ যশস্বীক নেটৰ পৰা আঁতৰাই ৰাখিব লাগে। আমাৰ দলত চাৰিজন মানুহ আছে, যিয়ে আমাক কাট, টানি, ফ্লিক আৰু ড্ৰাইভৰ অনুশীলন কৰায়। যোৱা ছিজনত যশৱীৰ বাবে তওঁলোকৰ কান্ধ ভাঙি হৈছিল। চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছিল।পিছত আকৌ ঘূৰি আহিল। যশস্বীৰ বাবেই সহায়কাৰী কৰ্মচাৰীসকল অধিক আঘাতপ্ৰাপ্ত হয়।”


    ৰাজস্থান ৰয়েলছৰ হৈ আই পি এলত খেলি সফলতা লাভ কৰিছিল যশস্বীয়ে। ইয়াৰ পিছত তেওঁক ভাৰতীয় দললৈ মাতি অনা হয়। সদ্য সমাপ্ত হোৱা টেষ্ট শৃংখলাত ইংলেণ্ডৰ বিৰুদ্ধে সৰ্বাধিক ৰান সংগ্ৰহ কৰে যশৱীয়ে। তেওঁ আই পি এলতো নিজৰ টেষ্ট ফৰ্ম অক্ষুণ্ণ ৰাখিব বিচাৰিব।