• আইপিএলঃ ৰিংকুৰ হাতত পাঁচটা ছিক্সাৰ হজম কৰা বলাৰ যশ দয়াল আৱৰ্জনা! মুৰালী কাৰ্তিকৰ মন্তব্যত বিতৰ্ক

    ক্ৰীড়া
    আইপিএলঃ ৰিংকুৰ হাতত পাঁচটা ছিক্সাৰ হজম কৰা বলাৰ যশ দয়াল আৱৰ্জনা! মুৰালী কাৰ্তিকৰ মন্তব্যত বিতৰ্ক
    ডিজিটেল ডেস্কঃ যোৱা আই পি এলত পাঁচটা বলত ৫টা ছয় মাৰি মেচখন জয় কৰা ৰিংকু সিং এতিয়া সকলোৰে চিনাকি। ভাৰতীয় দলতো স্থান লাভ কৰিছে। আৰু সেইদিনা  বলাৰজন যশ দয়াল নে জাবৰ! এই মন্তব্য মুৰালী কাৰ্তিকৰ।

    যোৱা আই পি এলত যশ গুজৰাট টাইটানছৰ দলত আছিল। নিলামৰ পূৰ্বে গুজৰাটে তেওঁক মুকলি কৰি দিছিল। পাঁচ কোটি টকাত বেংগালুৰুৱে যশক ক্ৰয় কৰিছিল। প্ৰথমখন মেচৰ পৰাই বাওঁহাতৰ পেচাৰৰ সৈতে খেলি আহিছে। চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ২৮ ৰানেৰে এটা উইকেট দখল কৰে যশে। সোমবাৰে পঞ্জাৱ কিংছৰ বিৰুদ্ধে পাৱাৰপ্লে’ত ৩ অভাৰত ১০ ৰান দিয়ে। 

    ইয়াৰ পিছত মন্তব্য দিওঁতে মুৰালীয়ে কয়, "এটা দলৰ আৱৰ্জনা এতিয়া আন এটা দলৰ হীৰা।’’ ভাৰতৰ প্ৰাক্তন স্পিনাৰগৰাকীৰ এই উক্তি বহুতে ভালদৰে লোৱা নাছিল। বহুতে মুৰালীক সমালোচনা কৰিছিল যে যশক জাবৰ বুলি কোৱাত।