spot_img
13 C
Guwahati
13 C
Guwahati
মঙলবাৰ, জানুৱাৰী 18, 2022
Homeআঞ্চলিকগৰুখুঁটি: চন‌ পৰা মাটিত গজি উঠিল সেউজীয়া

গৰুখুঁটি: চন‌ পৰা মাটিত গজি উঠিল সেউজীয়া

ডিজিটেল ডেস্কঃ ৰাজ্যত অব্যাহত আছে অবৈধ উচ্ছেদ অভিযান৷ গৰুখুঁটি কৃষি প্ৰকল্পৰ বেদখলকৃত ভূমি বেদখলমুক্ত কৰিবৰ বাবে তৎপৰ হৈছে ৰাজ্য চৰকাৰ৷ তথ্য অনুসৰি, প্ৰায় ৭৭,৪২০ বিঘা ভূমি বেদখলমুক্ত কৰিবৰ বাবে ৰাজ্য চৰকাৰে নিৰ্দেশনা জাৰি কৰিছিল৷ উল্লেখ্য যে, প্ৰব্ৰজনকাৰী একাংশ সংখ্যালঘু সম্প্ৰদায়ৰ লোকে উক্ত ভূমি দীৰ্ঘদিনৰ পৰাই বেদখল কৰি আহিছিল। এই বেদখলকৃত ভূমিসমূহত ৰাজ্য চৰকাৰে কেবিনেটৰ সিদ্ধান্তমৰ্মে প্ৰায় ৯ কোটি ৬০ লাখ টকা ব্যয় সাপেক্ষে এক কৃষি প্ৰকল্পৰ বাজেটত ধন ধাৰ্য কৰিছিল৷


চৰকাৰে গৰুখুঁটি কৃষি প্ৰকল্পক লৈ দেখা সপোনটো যেন বৰ্তমান ঠন ধৰাৰ পথত৷ ইতিমধ্যে গৰুখুঁটিৰ শ শ বিঘা কৃষিভূমিত লহ-পহকৈ বাঢ়ি আহিছে সেউজী শস্য, ফুলিছে সৰিয়হ, গঢ়ি উঠিছে গাহৰি পাম৷ তদুপৰি গুজৰাটৰ পৰা অনা গীৰ গাই পাম মুকলি কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে৷ আজি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বৃক্ষৰোপন কাৰ্যসূচীৰে সামগ্ৰিকভাৱে গৰুখুঁটিৰ প্ৰকল্পৰ শুভাৰম্ভ কৰি অসমত এক নতুন কৃষি বিপ্লৱৰ সূচনা কৰিলে৷

এই অনুষ্ঠানতে গৰুখুঁটিত নতুনকৈ প্ৰতিষ্ঠা কৰা ভাগৱত মন্দিৰ নিৰ্মাণৰ বাবে ১ কোটি টকা ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে গৰুখুঁটিত উপস্থিত হৈ কয় যে, অবৈধ দখলকাৰীসকলক ভাৰতৰ মোগলসকলৰ সৈতে ৰিজাই৷ তেওঁ লগতে কয়, অনাগত দিনত অসমৰ আটাইবোৰ বেদখলকাৰী লোকৰ ওপৰত প্ৰশাসনৰ উচ্ছেদৰ হাতুৰি পৰিব, সেইটো নিশ্চিত৷


ৰাজ্য চৰকাৰৰ এনে পদক্ষেপৰ প্ৰতি সকলোৱে আদৰণি জনাইছে৷ চৰকাৰৰ এনে কাৰ্যৰ দ্বাৰা অসমতো পঞ্জাৱ, হাৰিয়ানাৰ দৰে কৃষি বিপ্লৱৰ সূচনা হ’ব বুলি ধাৰণা কৰা হৈছে৷ তদুপৰি এনে প্ৰকল্পৰ দ্বাৰা অসমলৈ কম পৰিমাণে হলেও সেউজ আৱৰণ ঘূৰি আহিব বুলি সকলোৱে কৈছে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular