spot_img
22 C
Guwahati
22 C
Guwahati
শুক্ৰবাৰ, অক্টোবৰ 22, 2021
Homeআঞ্চলিকদল-সংগঠনৰ হেঁচা, অৱশেষত উল্টাপানী এনকাউণ্টাৰৰ তদন্ত ঘোষণা; দায়িত্বত কোন?

দল-সংগঠনৰ হেঁচা, অৱশেষত উল্টাপানী এনকাউণ্টাৰৰ তদন্ত ঘোষণা; দায়িত্বত কোন?

ডিজিটেল ডেস্ক: জৌংছাৰ মুছাহাৰী আৰু জনক ব্ৰহ্মৰ হত্যাৰ পিছতে উত্তপ্ত হৈ আছে সমগ্ৰ বি টি আৰৰ পৰিস্থিতি। আৰক্ষীয়ে দুয়োকে ইউ এল বিৰ সদস্য হিচাপে দাবী কৰিছে। আনহাতে জৌংছাৰ মুছাহাৰীৰ পৰিয়ালৰ দাবী যে তেওঁলোক দুয়োকে আৰক্ষীয়ে ভুৱা সংঘৰ্ষত হত্যা কৰিছে। জৌংছাৰৰ পৰিয়ালৰ দাবী যে তেওঁ ইউ এল বিৰ সদস্য নহয়।পৰিয়াল তথা একাংশ ৰাইজ, দল-সংগঠনৰ এনে দাবীৰ মাজতে উত্তপ্ত হৈ আছে বি টি আৰ।

আজি এই সম্পৰ্কত তাৎপৰ্যপূৰ্ণ বক্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, টিভিত কোনোবাই যদিহে মুকলিকৈ কয় যে অমুকক জেলৰ পৰা মোকলাই নিদিলে আমি অক্টোৱৰত মানুহক গুলীয়াই মাৰিম তেন্তে চৰকাৰ মৌন হৈ থাকিব নোৱাৰে। এইদৰে চৰকাৰ চলিব নোৱাৰে। এই কথাবোৰ সমৰ্থনযোগ্য নহয়।
তেওঁ লগতে কয় যে জে’ল চৰকাৰে দিয়া নাই, দিছে আদালতে।
এইদৰে ভাবুকি প্ৰদান কৰিলে অসমত বিনিয়োগ কিদৰে হ’ব,মানুহ চাকৰি-বাকৰি কৰিবলৈ কিয় অসমলৈ আহিব বুলিও ওলোটাই প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
তেওঁ আকৌ কয়, আমি বাৰে বাৰে চুক্তি কৰিছো। এইদৰে চলিবলৈ হ’লে আমি চুক্তি কৰিয়েই ভাগৰি যাম।লগতে মুখ্যমন্ত্ৰীয়ে কয় যে এই সময়ত আমি অক্টোৱৰত বিস্ফোৰণৰ যি ভাবুকি দিছে তাৰ ওপৰতহে অধিক চৰ্চা কৰিব লাগে। অক্টোৱৰৰ আগেয়ে পুলিচে কাম কৰিবই লাগিব বুলিও কয় তেওঁ। লগতে তেওঁ কয় যে যদিহে কোনো নিৰপৰাধী নিহত হৈছে তেন্তে তাৰ অনুসন্ধান হ’ব।
লক্ষ্যণীয়ভাৱে ইয়াৰ পিছতেই মুখ্যমন্ত্ৰীয়ে নামনি অসমৰ আয়ুক্ত জয়ন্ত নালেকৰক কোকৰাঝাৰ ঘটনাৰ তদন্তৰ দায়িত্ব দিছে বুলি সংবাদ মাধ্যমক জনায় মন্ত্ৰী অশোক সিংঘালে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular