--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইউৰোপৰ বাকী অংশ, কানাডা আৰু উত্তৰ আমেৰিকাত আংশিক সূর্য গ্রহণ দেখিবলৈ পোৱা যাব। আন্ধাৰ হোৱাৰ লগে লগে পাৰ্ছিড উল্কাপাত দেখিবলৈ পোৱা যাব।

ডিজিটেল ডেস্ক: সমগ্র বিশ্বৰ জ্যোতিৰ্বিদসকল ১২ আগষ্টৰ দিনটোলৈ আগ্ৰহেৰে বাট চাই আছে। সেই দিনটো অৰ্থাৎ ২৪ ঘণ্টাৰ ভিতৰত তিনিটা বৃহৎ মহাজাগতিক ঘটনা ঘটিব। পুৱা সূর্যোদয় হোৱাৰ আগে আগে ছটা গ্রহক একেটা শাৰীত দেখা পোৱা যাব। ইয়াৰ পাছত দিনৰ ভাগত ঘটিব বছৰৰ আটাইতকৈ দীঘলীয়া সূর্য গ্রহণ আৰু নিশাৰ আকাশ পোহৰাই তুলিব উল্কাপাতে। একেদিনাই, অর্থাৎ ২৪ ঘণ্টাৰ ভিতৰত তিনিটাকৈ মহাজাগতিক ঘটনা ঘটাটো বিৰল বুলি কোৱা হৈছে। 


১২ আগষ্টত সূর্যোদয়ৰ ৪৫-৭৫ মিনিট আগতে আকাশত ছটা গ্রহ ক্রমে বুধ, মঙল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুনক এটা শাৰীত দেখা পোৱা যাব। ইয়াৰ ভিতৰত বৃহস্পতি আৰু নেপচুনক খালী চকুৰে দেখা পোৱা যাব। দিনৰ ভাগত এক দীঘলীয়া পূর্ণগ্রাস সূর্য গ্রহণ বিশ্বৰ কেতবোৰ স্থানত দেখিবলৈ পোৱা যাব। ইউৰোপৰ মূল অঞ্চলত দেখিবলৈ পোৱা এইটো হ'ব ১৯৯৯ চনৰ পাছত প্ৰথমটো সূর্য গ্রহণ। আইচলেণ্ডৰ কাষৰ সমুদ্ৰত পূর্ণগ্রাস গ্রহণ আটাইতকৈ দীঘলীয়া সময়, অর্থাৎ প্রায় ২ মিনিট ১৮ ছেকেণ্ড থাকিব। 


আনহাতে, ইউৰোপৰ বাকী অংশ, কানাডা আৰু উত্তৰ আমেৰিকাত আংশিক সূর্য গ্রহণ দেখিবলৈ পোৱা যাব। আন্ধাৰ হোৱাৰ লগে লগে পাৰ্ছিড উল্কাপাত দেখিবলৈ পোৱা যাব। যিহেতু সেইদিনা অমাবস্যা হোৱাৰ বাবে জোনবাইৰ পোহৰ নাথাকিব, সেয়েহে নিশাৰ আকাশত উল্কাপাতৰ সুন্দৰ দৃশ্য দেখিবলৈ পোৱা যাব। সেইদিনা প্রতি ঘণ্টাত ১০০টা পর্যন্ত উল্কাপাত হ'ব বুলি জ্যোতির্বিদসকলে প্রকাশ কৰিছে। ১২ আগষ্টৰ পূৰ্ণগ্ৰাস সূর্যগ্রহণ উত্তৰ ৰাছিয়া, গ্রীনলেণ্ড, আইচলেণ্ড, স্পেইন আৰু পৰ্টুগালৰ কিছুমান অঞ্চলত দেখিবলৈ পোৱা যাব। সেই সময়ত এই অঞ্চলবোৰত বিশেষকৈ স্পেইনৰ উত্তৰ অংশত পূৰ্ণগ্ৰাসৰ সময়ত দিনতে আন্ধাৰ হৈ পৰিব। অৱশ্যে ভাৰতত পূর্ণগ্রাস সূর্য গ্রহণ দেখিবলৈ পোৱা নাযাব, কিয়নো চন্দ্ৰই সূৰ্যক ঢাকি ৰখাৰ সময়ত ভাৰতত নিশা হৈ থাকিব। গ্রহণ আৰম্ভ হ'ব ভাৰতীয় সময় মতে নিশা প্রায় ৯ বজাত। পূর্ণগ্রাস গ্রহণ আৰম্ভ হ'ব নিশা ১০-২৯ বজাত আৰু ১১-২৭ বজাত মধ্য অৱস্থাত থাকিব। নিশা ১২-৫ বজাত পূৰ্ণগ্ৰাসৰ অন্ত পৰিব। আনহাতে, গ্ৰহণৰ অন্ত পৰিব নিশা ১-২৯ বজাত। উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ