--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইউৰোপৰ বাকী অংশ, কানাডা আৰু উত্তৰ আমেৰিকাত আংশিক সূর্য গ্রহণ দেখিবলৈ পোৱা যাব। আন্ধাৰ হোৱাৰ লগে লগে পাৰ্ছিড উল্কাপাত দেখিবলৈ পোৱা যাব।

ডিজিটেল ডেস্ক: সমগ্র বিশ্বৰ জ্যোতিৰ্বিদসকল ১২ আগষ্টৰ দিনটোলৈ আগ্ৰহেৰে বাট চাই আছে। সেই দিনটো অৰ্থাৎ ২৪ ঘণ্টাৰ ভিতৰত তিনিটা বৃহৎ মহাজাগতিক ঘটনা ঘটিব। পুৱা সূর্যোদয় হোৱাৰ আগে আগে ছটা গ্রহক একেটা শাৰীত দেখা পোৱা যাব। ইয়াৰ পাছত দিনৰ ভাগত ঘটিব বছৰৰ আটাইতকৈ দীঘলীয়া সূর্য গ্রহণ আৰু নিশাৰ আকাশ পোহৰাই তুলিব উল্কাপাতে। একেদিনাই, অর্থাৎ ২৪ ঘণ্টাৰ ভিতৰত তিনিটাকৈ মহাজাগতিক ঘটনা ঘটাটো বিৰল বুলি কোৱা হৈছে। 


১২ আগষ্টত সূর্যোদয়ৰ ৪৫-৭৫ মিনিট আগতে আকাশত ছটা গ্রহ ক্রমে বুধ, মঙল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুনক এটা শাৰীত দেখা পোৱা যাব। ইয়াৰ ভিতৰত বৃহস্পতি আৰু নেপচুনক খালী চকুৰে দেখা পোৱা যাব। দিনৰ ভাগত এক দীঘলীয়া পূর্ণগ্রাস সূর্য গ্রহণ বিশ্বৰ কেতবোৰ স্থানত দেখিবলৈ পোৱা যাব। ইউৰোপৰ মূল অঞ্চলত দেখিবলৈ পোৱা এইটো হ'ব ১৯৯৯ চনৰ পাছত প্ৰথমটো সূর্য গ্রহণ। আইচলেণ্ডৰ কাষৰ সমুদ্ৰত পূর্ণগ্রাস গ্রহণ আটাইতকৈ দীঘলীয়া সময়, অর্থাৎ প্রায় ২ মিনিট ১৮ ছেকেণ্ড থাকিব। 


আনহাতে, ইউৰোপৰ বাকী অংশ, কানাডা আৰু উত্তৰ আমেৰিকাত আংশিক সূর্য গ্রহণ দেখিবলৈ পোৱা যাব। আন্ধাৰ হোৱাৰ লগে লগে পাৰ্ছিড উল্কাপাত দেখিবলৈ পোৱা যাব। যিহেতু সেইদিনা অমাবস্যা হোৱাৰ বাবে জোনবাইৰ পোহৰ নাথাকিব, সেয়েহে নিশাৰ আকাশত উল্কাপাতৰ সুন্দৰ দৃশ্য দেখিবলৈ পোৱা যাব। সেইদিনা প্রতি ঘণ্টাত ১০০টা পর্যন্ত উল্কাপাত হ'ব বুলি জ্যোতির্বিদসকলে প্রকাশ কৰিছে। ১২ আগষ্টৰ পূৰ্ণগ্ৰাস সূর্যগ্রহণ উত্তৰ ৰাছিয়া, গ্রীনলেণ্ড, আইচলেণ্ড, স্পেইন আৰু পৰ্টুগালৰ কিছুমান অঞ্চলত দেখিবলৈ পোৱা যাব। সেই সময়ত এই অঞ্চলবোৰত বিশেষকৈ স্পেইনৰ উত্তৰ অংশত পূৰ্ণগ্ৰাসৰ সময়ত দিনতে আন্ধাৰ হৈ পৰিব। অৱশ্যে ভাৰতত পূর্ণগ্রাস সূর্য গ্রহণ দেখিবলৈ পোৱা নাযাব, কিয়নো চন্দ্ৰই সূৰ্যক ঢাকি ৰখাৰ সময়ত ভাৰতত নিশা হৈ থাকিব। গ্রহণ আৰম্ভ হ'ব ভাৰতীয় সময় মতে নিশা প্রায় ৯ বজাত। পূর্ণগ্রাস গ্রহণ আৰম্ভ হ'ব নিশা ১০-২৯ বজাত আৰু ১১-২৭ বজাত মধ্য অৱস্থাত থাকিব। নিশা ১২-৫ বজাত পূৰ্ণগ্ৰাসৰ অন্ত পৰিব। আনহাতে, গ্ৰহণৰ অন্ত পৰিব নিশা ১-২৯ বজাত। উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত