ডিজিটেল ডেস্ক: কোৱা হয় যে প্ৰেমে কোনো বয়স বা জাত-কুল নামানে। আমাৰ সমাজত ঘটা কিছুমান ঘটনাত এই কথা মাজে-সময়ে প্ৰমাণ হৈ থাকে। শেহতীয়াকৈ এক প্ৰেমৰ কাহিনী পোহৰলৈ আহিছে। এই প্ৰেম কাহিনীত প্ৰেমিকৰ বয়স ৭৫ বছৰ আৰু প্ৰেমিকাৰ বয়স ৩০ বছৰ। উত্তৰ প্ৰদেশৰ ঔৰাইয়া জিলাৰ অৰিয়াৰী গাঁৱৰ নিবাসী ৭৫ বছৰীয়া ৰামসুগৰ আৰু একে স্থানৰে ৩০ বছৰীয়া ভ্লগাৰ ৰাণী ৰাজপুতৰ প্ৰেম কাহিনী এতিয়া সৰ্বত্ৰে চৰ্চাৰ বিষয় হৈ পৰিছে। দুয়োজনৰ প্ৰেম ইমানেই তুংগত যে ইজনে সিজনক এৰি থাকিব নোৱাৰা হল সেয়েহে দুয়ো বিবাহপাশত আৱদ্ধ হোৱাৰ সিদ্ধান্ত লয়।
দুয়োৰে ইতিমধ্যে আঙঠি পিন্ধোৱা (ৰিং চেৰিমনি) অনুষ্ঠান সম্পন্ন হৈছে। দুয়ো শীঘ্ৰেই বিবাহপাশত আৱদ্ধ হ’বলৈ সাজু হৈছে। বিবাহক লৈ উভয় পৰিয়ালে প্ৰস্তুতি আৰম্ভ কৰিছে। ইয়াৰ মাজতে হালধি অনুষ্ঠান আৰু ৰিং চেৰিমনিৰ কেইবাটাও ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
লাভ কৰা তথ্য অনুসৰি, ঔৰাইয়াৰ নিবাসী ৰাণী ৰাজপুত এগৰাকী ইনষ্টাগ্ৰাম ভ্লগাৰ। তেওঁ প্রায়েই ছ'চিয়েল মিডিয়াত নিজৰ ভিডিঅ' প'ষ্ট কৰি থাকে। এই সময়তে ইউটিউবাৰ ৰাধাৰ সৈতে তেওঁৰ পৰিচয় ঘটে। ৰাণীৰ ৰাধাৰ ঘৰলৈ অহা-যোৱা আৰম্ভ হ'ল। প্ৰায় সাত বছৰ পূৰ্বে ৰাধাৰ মাতৃৰ বিয়োগ হৈছিল। তেতিয়াৰে পৰা তেওঁৰ পিতৃ ৰামসুগৰে অকলে জীৱন কটাই আছিল। প্ৰায় দুবছৰ ধৰি ৰাণীৰ ৰাধাৰ ঘৰলৈ অহা-যোৱা আছিল। এই সময়ছোৱাত ৰাণীৰ ৰামসুগৰৰ প্ৰতি আকৰ্ষণ জন্মে। ৰামসুগৰেও মনে মনে ৰাণীক ভাল পাবলৈ ধৰে। এদিন দুয়োজনে সিজন সিজনৰ মনৰ কথা খুলি কয়। ৭৫ বছৰীয়া বৃদ্ধগৰাকীৰ সৈতে ৩০ বছৰীয়া যুৱতীগৰাকীৰ এই প্ৰেম কাহিনী কোনেও সহজে বিশ্বাস কৰিব পৰা নাছিল। অৱশ্যে দুয়োৰে এই সম্পৰ্কৰ কথা ঘৰৰ লোকসকলে গম পোৱাৰ পিছতে খৰখেদাকৈ বাগদানৰ প্ৰস্তুতি চলায়।
বৃদ্ধ ৰামসুগৰে জনায় যে প্ৰায় দুবছৰ ধৰি ৰাণীৰ তেওঁলোকৰ ঘৰলৈ অহা-যোৱা আছিল। এই সময়ছোৱাত দুয়োৰে মাজত ঘনিষ্ঠতা বৃদ্ধি পায় আৰু প্ৰেমলৈ ৰূপান্তৰিত হয়। ৰামসুগৰৰ জীয়ৰী ৰাধাও এগৰাকী ইউটিউবাৰ। ৰাধাই জনায় যে তেওঁ আৰু ৰাণীয়ে একেলগে ভিডিঅ' শ্বুট কৰিছিল। ইয়াৰ মাজতে ৰাণী আৰু তেওঁৰ পিতৃৰ মাজৰ প্ৰেম সম্পৰ্ক গভীৰ হৈ পৰে। ৰাধাৰ মতে, প্ৰায় সাত বছৰ পূৰ্বে তেওঁৰ মাকৰ মৃত্যু হৈছিল। এতিয়া তেওঁৰ পিতৃ আৰু ৰাণীয়ে একেলগে জীৱন কটোৱাৰ সিদ্ধান্ত লৈছে। দুয়োৰে বাগদানৰ পিছত এতিয়া বিবাহৰ বাবে পৰিয়ালত প্ৰস্তুতি চলিছে। সকলো ৰীতি-নীতি মানি আৰু নিয়ম সম্পন্ন কৰি বিবাহ অনুষ্ঠান সম্পন্ন হ'ব।
বৰ্তমান এই সম্পৰ্কক লৈ ছ'চিয়েল মিডিয়াৰ পৰা আৰম্ভ কৰি সমগ্ৰ অঞ্চলটোতে বিভিন্ন চৰ্চা চলিছে।