ডিজিটেল ডেস্ক : দিল্লীত ১ নৱেম্বৰৰ পৰা এন চি আৰ (ৰাষ্ট্ৰীয় ৰাজধানী পৰিসৰ) ৰ অন্তর্গত অন্যান্য অঞ্চলৰ ১০ লাখ বাহন প্ৰৱেশ কৰিব নোৱাৰিব। নিৰ্গমণ মান 'বি এছ-৬'ৰ তলৰ বাহনসমূহৰ বাবে এই নিষেধাজ্ঞা জাৰি হ'ব। ইয়াৰ লগে লগেই এন চি আৰৰ অন্তৰ্গত গুৰগাঁও, ফৰিদাবাদ, নয়দা, গ্ৰেটাৰ নয়দা আৰু গাজিয়াবাদৰ দহ লক্ষাধিক বাহন দিল্লীত প্ৰৱেশৰ পৰা বঞ্চিত হ'ব। দিল্লীত প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্যৰে কেন্দ্রীয় শাসিত অঞ্চলটোৰ চৰকাৰে এই সিদ্ধান্ত গ্রহণ কৰিছে।
'বি এছ-৬' নির্গমণ মানৰ তলৰ বাহনৰ বিৰুদ্ধে নিষেধাজ্ঞা ১ নৱেম্বৰৰ পৰা ২০২৭ চনৰ ৩১ জানুৱাৰী পর্যন্ত থাকিব। ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ অন্তৰ্গত অন্যান্য স্থানৰ পৰা দিল্লীলৈ নিয়মীয়াকৈ চাকৰি সূত্ৰে অহা লোকসকল এই সিদ্ধান্তৰ ফলত ক্ষতিগ্রস্ত হ'ব। কেৱল গুৰগাঁও আৰু ফৰিদাবাদৰে প্ৰায় ২ লাখ বাহন নির্গমণ মান বি এছ-৩ আৰু বি এছ-৪ৰ অন্তৰ্গত।
ইফালে, নয়দা আৰু গ্ৰেটাৰ নয়দাৰো ৪ লাখতকৈ বেছি বাহন বি এছ-৬ নির্গমণ মানৰ তলৰ। যাৰ ফলত চৰকাৰৰ সিদ্ধান্তই এন চি আৰৰ অন্তর্গত স্থানসমূহৰ দিল্লীৰ চৰকাৰী-বেচৰকাৰী খণ্ডত কৰ্মৰত কৰ্মচাৰীসকলৰ বাবে দুঃখবৰ কঢ়িয়াই আনিছে। উৎস: দৈনিক জনমভূমি