spot_img
27 C
Guwahati
Saturday, September 25, 2021
spot_img
Homeআন্তঃৰাষ্ট্ৰীয়জীৱন ৰক্ষাকাৰী এগৰাকী আফগান : এতিয়া বাইডেনে কিদৰে দিব প্ৰতিদান?

জীৱন ৰক্ষাকাৰী এগৰাকী আফগান : এতিয়া বাইডেনে কিদৰে দিব প্ৰতিদান?

ডিজিটেল ডেস্ক : এগৰাকী আফগান অনুবাদক, ২০০৮ চনত বৰ্তমানৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ লগতে জন কেৰী আৰু আন কেইবাজনো চিনেটৰক উদ্ধাৰ কৰাত সহায় কৰিছিল তেওঁ। হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ দুৰ্গম অঞ্চলত অনাই বনাই ঘূৰি ফুৰা সেইসকল লোকৰ বাবে সিদিনা এইগৰাকী আফগান লোক হৈ পৰিছিল দেৱদূতস্বৰূপ।


পিছে তালিবানৰ আগ্ৰাসনৰ পিছতে এইগৰাকী অনুবাদক আৰু তেওঁৰ পৰিয়াললৈ নামি আহিছে অমানিশা। আফগানিস্তানত উদ্ধাৰকাৰ্যত ব্ৰতী আমেৰিকান সেনায়ো এৰি গৈছে এই অসহায় অনুবাদক আৰু তেওঁৰ পৰিয়ালক। কিন্তু শেহতীয়াকৈ হ’লেও তেওঁৰ উপকাৰৰ কথা মনলৈ আহিছে আমেৰিকান ৰাষ্ট্ৰপতিৰ।সেইবাবেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰে তেওঁক দেশৰ পৰা উদ্ধাৰ কৰি অনাৰ প্ৰতিশ্ৰুতি দিছে।


ৱাল ষ্ট্ৰীট জাৰ্নেলৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অনুবাদকগৰাকীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনক তেওঁক আৰু তেওঁৰ পৰিয়ালক তালিবানৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ আহ্বান জনায়। উল্লেখ্য যে, এইগৰাকী আফগান অনুবাদকে বিগত এটা বছৰ ধৰি তেওঁৰ পত্নী আৰু চাৰি সন্তানসহ দেশ ত্যাগৰ চেষ্টা চলাই আছিল যদিও পৰিয়ালটোৰ সকলো প্ৰচেষ্টা বিফল হয়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
27 ° C
27 °
27 °
89 %
0kmh
75 %
Sat
33 °
Sun
33 °
Mon
31 °
Tue
30 °
Wed
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular