গোৱালপাৰা জিলাৰ ৰাখ্যসিনী সংৰক্ষিত বনাঞ্চলৰ প্ৰস্তাৱিত সীমা পুনৰীক্ষণৰ বাবে অসম গণ পৰিষদ (এজিপি)ৰ নেতা তথা গোৱালপাৰা জিলা পৰিষদৰ সামাজিক ন্যায় সমিতিৰ অধ্যক্ষ আব্দুৰ ৰহিম জিব্ৰানে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে। এই সীমাৱদ্ধতাই বহু জনবসতিপূৰ্ণ অঞ্চল, বৈধ পট্টাভূক্ত ভূমি, ৰাজহ গাঁও আৰু অন্যান্য চৰকাৰী-ব্যক্তিগত আন্তঃগাঁথনিক সামৰি লোৱাৰ অভিযোগ উত্থাপন কৰিছে জিব্ৰানে।
স্মাৰকপত্ৰখনত উল্লেখ কৰা অনুসৰি, চলিত বৰ্ষৰ ৩১ জুলাইত অনুষ্ঠিত কেবিনেট বৈঠকত গোৱালপাৰা জিলাৰ ৰাখ্যসিনী অঞ্চলক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। কিন্তু, ইয়াৰ পাছতে প্ৰস্তুত কৰা প্ৰস্তাৱিত মানচিত্ৰত গোৱালপাৰা পৌৰসভাৰ ১৯ নং ৱাৰ্ড, মাৰিয়াম নগৰৰ কিছু অংশ, বৈধ ম্যাদী পট্টা থকা ভূমি, কেইবাখনো ৰাজহ গাঁও, ঘন জনবসতিপূৰ্ণ বসতিস্থল, কৃষিভূমি, চৰকাৰী কাৰ্যালয় আৰু অন্যান্য ৰাজহুৱা আন্তঃগাঁথনি অন্তৰ্ভুক্ত কৰা হৈছে বুলি অভিযোগ কৰা হৈছে।
এজিপি নেতাগৰাকীয়ে আঙুলিয়াই দিছে যে এই অঞ্চলসমূহ দশক দশক ধৰি মানুহে বসবাস কৰি আহিছে। বিশেষকৈ, ১৯ নং ৱাৰ্ডটো ৩৫ বছৰতকৈও অধিক সময় ধৰি গোৱালপাৰা পৌৰসভাৰ অধীনত আছে আৰু ইয়াৰ বাসিন্দাসকলে পৌৰসভাৰ সকলো সুবিধা, যেনে ভূমি ৰাজহ সংগ্ৰহ, ভোটাৰ পঞ্জীয়ন, বিদ্যুৎ আৰু খোৱাপানীৰ সুবিধা লাভ কৰি আহিছে। এনে পৰিস্থিতিত বনাঞ্চলৰ সীমা এই অঞ্চলসমূহত অন্তৰ্ভুক্ত কৰিলে স্থানীয় লোকসকলৰ জীৱন-জীৱিকা আৰু পৈতৃক ভূমিৰ অধিকাৰৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব বুলি স্মাৰকপত্ৰখনত কোৱা হৈছে।
সেয়েহে, স্থানীয় জনসাধাৰণৰ অধিকাৰ আৰু জীৱন-জীৱিকা সুৰক্ষিত কৰাৰ স্বাৰ্থত ৰাখ্যসিনী সংৰক্ষিত বনাঞ্চলৰ প্ৰস্তাৱিত সীমা পুনৰীক্ষণ কৰিবলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান জনোৱা হৈছে। স্মাৰকপত্ৰখনত জনসাধাৰণৰ স্বাৰ্থত এই বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰিবলৈ অনুৰোধ জনোৱা হৈছে।