ডিজিটেল ডেস্ক: শিৱসাগৰ জিলাৰ বানাক্ৰান্ত লোকসকলৰ কাষত থিয় হল দ্য গ্ৰেট খালি। বানাক্ৰান্ত ৰাইজক সাহায্য আগবঢ়োৱাৰ উদ্দেশ্যে আজি মৰাণত উপস্থিত হয় WWEৰ প্ৰাক্তন তাৰকা তথা বিশ্বজুৰি জনপ্ৰিয় মল্লযোদ্ধা দ্য গ্ৰেট খালি। তেওঁৰ আগমনে অঞ্চলটোত ব্যাপক উৎসাহ-উদ্দীপনাৰ সৃষ্টি কৰে।
দুৰ্যোগৰ সময়ত বানপীড়িত লোকসকলক সহায় কৰাৰ লক্ষ্যৰে গ্ৰেট খালিৰ এই অসম ভ্ৰমণ। প্ৰকাশিত তথ্য অনুসৰি, তেওঁৰ এই ভ্ৰমণৰ উদ্দেশ্য হৈছে বান সাহায্য অভিযানত অংশগ্ৰহণ কৰি বানাক্ৰান্ত লোকসকলৰ মাজত সহায়-সামগ্ৰী বিতৰণ কৰা আৰু তেওঁলোকৰ কাষত থিয় হোৱা।
মৰাণত উপস্থিত হোৱাৰ পাছতে গ্ৰেট খালিক চাবলৈ বহু লোকৰ সমাগম ঘটে। বিশ্বৰ মল্লযুঁজৰ মঞ্চত নিজৰ বিশেষ পৰিচয়েৰে জনপ্ৰিয় হৈ পৰা গ্ৰেট খালিৰ অসম আগমনক লৈ অনুৰাগীসকলৰ মাজতো দেখা যায় বিশেষ উৎসাহ।
ইতিমধ্যে বানাক্ৰান্তৰ মাজত কাম কৰি থকা স্বেচ্ছাসেৱী সংস্থা ট্ৰু হ'প ফাউণ্ডেচন, আয়ান ফাউণ্ডেচন আৰু দিপলীনা ডেকা ফাউণ্ডেশ্যনৰ সহযোগত আজি আৰু কাইলৈ দুটা দিন বানাক্ৰান্ত ৰাইজক সাহায্য আগবঢ়াব গ্ৰেট খালিয়ে।
শিৱসাগৰলৈ ৰাওনা হোৱাৰ পূৰ্বে মৰাণত উপস্থিত হোৱা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন খেলুৱৈগৰাকীয়ে অসমৰ বানপানীত ক্ষতিগ্ৰস্ত ৰাইজৰ বাবে আহিছো বুলি মন্তব্য কৰে। ভাৰতৰ আন আন চেলিব্ৰিটিসকলকো অসমৰ বানাক্ৰান্তৰ কাষলৈ আহিবলৈ আহ্বান জনাই গ্ৰেট খালিয়ে কয় প্ৰথমে আমি মানু্হ, তাৰ পাছতহে চেলিব্ৰিটি। উল্লেখ্য যে গ্ৰেট খালিয়ে শিৱসাগৰৰ দৰিকা অঞ্চলত চাৰি শতাধিক পৰিয়ালৰ মাজত বিচনা, মেট্ৰেছ, গাৰু, ফিল্টাৰ আদি বিতৰণ কৰিব।