--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইতিমধ্যে বানাক্ৰান্তৰ মাজত কাম কৰি থকা স্বেচ্ছাসেৱী সংস্থা ট্ৰু হ'প ফাউণ্ডেচন, আয়ান ফাউণ্ডেচন আৰু দিপলীনা ডেকা ফাউণ্ডেশ্যনৰ সহযোগত আজি আৰু কাইলৈ দুটা দিন বানাক্ৰান্ত ৰাইজক সাহায্য আগবঢ়াব গ্ৰেট খালিয়ে।

ডিজিটেল ডেস্ক: শিৱসাগৰ জিলাৰ বানাক্ৰান্ত লোকসকলৰ কাষত থিয় হল দ্য গ্ৰেট খালি। বানাক্ৰান্ত ৰাইজক সাহায্য আগবঢ়োৱাৰ উদ্দেশ্যে আজি মৰাণত উপস্থিত হয় WWEৰ প্ৰাক্তন তাৰকা তথা বিশ্বজুৰি জনপ্ৰিয় মল্লযোদ্ধা দ্য গ্ৰেট খালি। তেওঁৰ আগমনে অঞ্চলটোত ব্যাপক উৎসাহ-উদ্দীপনাৰ সৃষ্টি কৰে।


দুৰ্যোগৰ সময়ত বানপীড়িত লোকসকলক সহায় কৰাৰ লক্ষ্যৰে গ্ৰেট খালিৰ এই অসম ভ্ৰমণ। প্ৰকাশিত তথ্য অনুসৰি, তেওঁৰ এই ভ্ৰমণৰ উদ্দেশ্য হৈছে বান সাহায্য অভিযানত অংশগ্ৰহণ কৰি বানাক্ৰান্ত লোকসকলৰ মাজত সহায়-সামগ্ৰী বিতৰণ কৰা আৰু তেওঁলোকৰ কাষত থিয় হোৱা।


মৰাণত উপস্থিত হোৱাৰ পাছতে গ্ৰেট খালিক চাবলৈ বহু লোকৰ সমাগম ঘটে। বিশ্বৰ মল্লযুঁজৰ মঞ্চত নিজৰ বিশেষ পৰিচয়েৰে জনপ্ৰিয় হৈ পৰা গ্ৰেট খালিৰ অসম আগমনক লৈ অনুৰাগীসকলৰ মাজতো দেখা যায় বিশেষ উৎসাহ।


ইতিমধ্যে বানাক্ৰান্তৰ মাজত কাম কৰি থকা স্বেচ্ছাসেৱী সংস্থা ট্ৰু হ'প ফাউণ্ডেচন, আয়ান ফাউণ্ডেচন আৰু দিপলীনা ডেকা ফাউণ্ডেশ্যনৰ সহযোগত আজি আৰু কাইলৈ দুটা দিন বানাক্ৰান্ত ৰাইজক সাহায্য আগবঢ়াব গ্ৰেট খালিয়ে। 


শিৱসাগৰলৈ ৰাওনা হোৱাৰ পূৰ্বে মৰাণত উপস্থিত হোৱা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন খেলুৱৈগৰাকীয়ে অসমৰ বানপানীত ক্ষতিগ্ৰস্ত ৰাইজৰ বাবে আহিছো বুলি মন্তব্য কৰে। ভাৰতৰ আন আন চেলিব্ৰিটিসকলকো অসমৰ বানাক্ৰান্তৰ কাষলৈ আহিবলৈ আহ্বান জনাই গ্ৰেট খালিয়ে কয় প্ৰথমে আমি মানু্হ, তাৰ পাছতহে চেলিব্ৰিটি। উল্লেখ্য যে গ্ৰেট খালিয়ে শিৱসাগৰৰ দৰিকা অঞ্চলত চাৰি শতাধিক পৰিয়ালৰ মাজত বিচনা, মেট্ৰেছ, গাৰু, ফিল্টাৰ আদি বিতৰণ কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
দেশত চেনিৰ দাম ১৭% বৃদ্ধি
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী