spot_img
13 C
Guwahati
13 C
Guwahati
মঙলবাৰ, জানুৱাৰী 18, 2022
Homeব্ৰেকিং নিউজকঁকাল পোনাইছে ভাইজানে, কেটৰিনাৰ ৰোমিঅ’ এইবাৰ গুপ্তচৰৰ ভূমিকাত…

কঁকাল পোনাইছে ভাইজানে, কেটৰিনাৰ ৰোমিঅ’ এইবাৰ গুপ্তচৰৰ ভূমিকাত…

নতুন দিল্লীঃ বেয়া খবৰৰ মাজতে একাধিক ভাল খবৰে আনন্দিত কৰি তুলিছে ছলমান খানক। ভাইজানৰ আনন্দত আহ্লাদিত অনুৰাগী। প্ৰাক্তন প্ৰেয়সী কেটৰিনাক অৰ্ধাঙ্গিনীৰ মৰ্যাদা দিব নোৱাৰিলে ভাইজানে। শুকুৰবাৰে বিবাহ পাশত আৱদ্ধ হ’ব কেটৰিনা-ভিক কৌশল। এনে বিৰহ-বেদনাৰ মাজতে কঁকাল পোনাইছে ছলমান খানে। শেহতীয়াকৈ, বলীউড ছুপাৰষ্টাৰজনে পুনৰ এজন গুপ্তচৰৰ চৰিত্ৰত অভিনয় কৰিবলৈ সাজু হৈছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

ছলমান খান অভিনীত ‘লাষ্ট: দ্য ফাইনেল ট্ৰুথ’ ছবিখন চলিত বৰ্ষৰ ২৬ নৱেম্বৰত মুক্তি পাইছে। বৰ্তমান ছবিখনৰ প্ৰচাৰত ব্যস্ত হৈ আছে ভাইজান। শেহতীয়াকৈ, বলীউড ছুপাৰষ্টাৰজনে ভাৰতীয় গুপ্তচৰ ৰবীন্দ্ৰ কৌশিকৰ জীৱনীমূলক ছবিত অভিনয় কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। এইবাৰ ‘ব্লেক টাইগাৰ’ নামে জনাজাত এজন গুপ্তচৰৰ চৰিত্ৰত অভিনয় কৰিব ছলমান খানে। ইফালে শ্বাহৰুখ খানৰ আগন্তুক ছবি ‘পাঠান’তো অনুৰাগীয়ে দেখিবলৈ পাব প্ৰিয় অভিনেতাজনক। লগতে তেওঁৰ অভিনীত ‘এক থা টাইগাৰ’ ‘টাইগাৰ-৩’ ৰ চিকুৱেল অহা বছৰ মুক্তি পাব। একপ্ৰকাৰ কেটৰিনাক জীৱনসংগী কৰি ল’ব নোৱাৰিলেও জীৱনটোত ছলমানে নতুনকৈ সজাব খুজিছে বুলিয়েই ধাৰণা কৰি লৈছে অনুৰাগীয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular