spot_img
11 C
Guwahati
11 C
Guwahati
শনিবাৰ, জানুৱাৰী 29, 2022
Homeআঞ্চলিকভোগালী নে কঙালী! ৰাজ্যত কঠোৰ ক’ভিড নীতি, বজাৰত চ’ৰা দাম, কিদৰে বিহু...

ভোগালী নে কঙালী! ৰাজ্যত কঠোৰ ক’ভিড নীতি, বজাৰত চ’ৰা দাম, কিদৰে বিহু পালিব অসমীয়াই?

ডিজিটেল ডেস্কঃ অসমীয়াৰ পদূলিমুখত হেঁপাহৰ ভোগালী বিহু! বিহু বুলিলেই সচৰাচৰ মনলৈ অহা প্ৰতিচ্ছবিখনে এইবাৰ দোলা দিয়া নাই ৰাজ্যৰ চুকে-কোণে। বিহু বুলি আগৰ দৰে নাই উচ্ছ্বাস, উদ্দীপনা তথা ব্যস্ততা। এইবাৰো যেন ছেগা-চোৰোকাকৈ মাত্ৰ ৰক্ষা কৰা হ’ব বিহুৰ পৰম্পৰা। কিয়নো চৰকাৰে জাপি দিছে SOPৰ কঠোৰ নিয়ম। তদুপৰি বজাৰত সামগ্ৰীৰ আকাশলংঘী দামে পেঁপুৱা লগাইছে মধ্যবিত্ত লোকক।


বিহুৰ আগে আগে জনসাধাৰণে পালন কৰিলে বৰদিন আৰু নৱবৰ্ষৰ আদৰণী পৰ্ব। ‘অসম গ্ৰন্থ মেলা’তো দেখা গ’ল ৰাইজৰ বিপুল সমাগম। চৰকাৰে ক’ভিড পৰিস্থিতি কিছু শাম কটা দেখি শিথিল কৰি দিছিল ক’ভিডবিৰোধী নীতি-নিয়ম। কিন্তু শেহতীয়াকৈ ৰাজ্যত পুনৰ ব্যাপক ৰূপত আৰম্ভ হৈছে ক’ভিড সংক্ৰমণ। যাৰ বাবে পৰিস্থিতি নিয়ন্ত্ৰণৰ স্বাৰ্থত কঠোৰ হৈছে চৰকাৰ-প্ৰশাসন। এতিয়া চৰকাৰৰ কঠোৰ নীতিৰ বাবেই অসমীয়াই উলহ-মালহেৰে উদযাপন কৰিব নোৱাৰিব হেঁপাহৰ বিহু।


লকডাউনে কোঙা কৰি যোৱা দেশৰ অৰ্থ ব্যৱস্থা লাহে লাহে ঠন ধৰি উঠিছিলহে মাত্ৰ। বজাৰ-সমাৰ তথা দোকান-পোহাৰলৈ সাধাৰণ ৰাইজে শংকাহীন হৈ যাবলৈ আৰম্ভ কৰিছিলহে, তেনে সময়তে পুনৰ আকৌ আৰম্ভ হৈছে দ্ৰুত ক’ভিড সংক্ৰমণ। দেশৰ ভাগি যোৱা অৰ্থনীতিৰ প্ৰতি এতিয়া কোনো চিন্তা নাই চৰকাৰৰ। দলীয় উদ্দেশ্য আৰু নেতাৰ ব্যক্তিগত অভীপ্সা পূৰণৰ স্বাৰ্থত দেশৰ অৰ্থনীতিলৈ চৰকাৰে দেখুৱাই আছে ভ্ৰুকুটি। ইয়াৰ পৰিণাম দেশৰ জনসাধাৰণে নিতৌ ভুগিব লগা হৈছে। ভোগালীৰ বতৰতো এতিয়া মহানগৰীত কৃষিজাত দ্ৰব্যৰ আকাশলংঘী দাম। কিন্তু সেই একেবিধ সামগ্ৰী বিক্ৰী কৰি কৃষকে লাভ কৰা নাই উচিত মূল্য।

উদাহৰণস্বৰূপে, মহানগৰীৰ বজাৰত এক কিলো কবিৰ দাম ৩০-৪০ টকা হ’লেও সেই প্ৰতি কিলো কবিৰ বাবদ কৃষকে লাভ কৰিছে মাত্ৰ ৫-৬ টকা। বহু কৃষকে উৎপাদিত ফচল উপযুক্ত মূল্যত বিক্ৰী কৰিব নোৱাৰি পেলাই দিব লগা হৈছে বা পোহনীয়া জন্তুক খোৱাব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। কিন্তু এনে পৰিস্থিতি সৃষ্টিৰ আঁৰত থকা চৰকাৰৰ দুৰ্বলতাক কৌশলেৰে আঁতৰাই অনাৰ চেষ্টা কৰা হৈছে। কৃষকৰ উৎপাদিত ফচল উপযুক্ত মূল্যত বিক্ৰী কৰাৰ বাবে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। যাৰ বাবে মধ্যভোগীৰ হাতলৈ গৈ আছে কৃষকৰ প্ৰাপ্য। কৃষিজীৱি অসমীয়াৰ অৰ্থনীতি সুৰক্ষিত কৰিব নোৱাৰা চৰকাৰ এখনে জনসাধাৰণক বিহুৰ শুভেচ্ছা দিয়াৰ নৈতিক অধিকাৰ আছেনে, তাক লৈও এতিয়া উত্থাপন হৈছে প্ৰশ্নৰ।


ৰাজ্যৰ জনতাক চৰকাৰে ক্ৰমান্বয়ে নাগৰিকৰ পৰা হিতাধিকাৰীলৈ পৰিণত কৰি আঁচনিজীৱি কৰি তুলিছে। এফালে বিভিন্ন আঁচনিৰ নামত প্ৰতিমাহে টকা প্ৰদান কৰিছে আৰু আনফালে নিত্যব্যৱহাৰ্য সামগ্ৰীৰ ওপৰত গধুৰ কৰৰ বোজা জাঁপি দি আঁচনিৰ টকাৰ কেইবাগুণো সৰকাই নিছে। ইয়াৰ উদাহৰণস্বৰূপে মাটিৰ খাজনাৰ বিষয়টোলৈ চকু দিব পাৰি। বৰ্তমানৰ খাজনা পূৰ্বৰ তুলনাত প্ৰায় ৩০০ গুণৰো বেছি বৃদ্ধি কৰা হ’ল। কিন্তু সেই বিষয়বোৰ ঢাকিবলৈ চৰকাৰে বিভিন্ন তুষ্টিকৰণ আঁচনি প্ৰৱৰ্তন কৰি জনসাধাৰণৰ দৃষ্টি আঁতৰাই ৰাখিছে। এফালে মাটিৰ খাজনা ৩০০ গুণৰো অধিক বৃদ্ধি আৰু আনফালে কৃষি উৎপাদিত দ্ৰব্যৰ উচিত মূল্য কৃষকক দিবলৈ সমৰ্থ নোহোৱা চৰকাৰে কাৰ্যত এইবাৰৰ ভোগালী বিহুক কঙালীলৈ পৰিণত কৰিলে।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular