• নিতীন খাড়েৰ মূল ইংৰাজী উপন্যাসৰ অসমীয়া অনুবাদ গ্ৰন্থ ‘এটা চোৰাং চিকাৰীৰ সন্ধানত’ উন্মোচন

    আঞ্চলিক
    নিতীন খাড়েৰ মূল ইংৰাজী উপন্যাসৰ অসমীয়া অনুবাদ গ্ৰন্থ ‘এটা চোৰাং চিকাৰীৰ সন্ধানত’ উন্মোচন
    ডিজিটেল ডেস্ক: আজি গুৱাহাটীৰ ৰুক্মিণীনগৰস্থিত হোটেল শ্বুলিন গ্ৰেণ্ডৰ সভাগৃহত বিয়লি ৩:৩০বজাত আয়োজন কৰা এখন গ্ৰন্থ উন্মোচনী সভাত ভাৰতীয় প্ৰশাসনিক সেৱাৰ উচ্চপদস্থ বিষয়া নিতীন খাড়েৰ মূল ইংৰাজী ভাষাত লিখা কাজিৰঙা বিষয়ক চিত্ৰসম্বলিত উপন্যাস  'On the Trail of a Poacher'ৰ জয়কান্ত শৰ্মাই কৰা অসমীয়া অনুবাদ 'এটা চোৰাং চিকাৰীৰ সন্ধানত' উন্মোচন কৰা হয়৷ গ্ৰন্থখন উন্মোচন কৰে
     সাহিত্য অকাদেমি বঁটাপ্ৰাপক সাহিত্যিক-সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে৷

    অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়া, কবি ,অভিনেতা, পৰিচালক পাৰ্থসাৰথি মহন্তই উপস্থিত থাকি বক্তব্য প্ৰদান কৰে৷

    গ্ৰন্থখন প্ৰকাশ কৰিছে  'বুকবেল'ৰ হৈ অভিজিত গোস্বামীয়ে৷ উল্লেখ্য যে অসমৰ এখন জিলাত এসময়ত জিলা দণ্ডাধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ বহু কথাই লেখক নিতীন খাড়েই অভিজ্ঞতা হিচাপে লাভ কৰিছিল৷
    ২০২০চনত ৰাষ্ট্ৰীয় তলাবন্ধৰ সময়ছোৱাত এই অভিজ্ঞতাকে সাৰোগত কৰি তেখেতে কাহিনী আকাৰে লিখিবলৈ ল’লে আৰু 
    তাৰ ফলতেই সৃষ্টি হয় On the Trail of a poacher শীৰ্ষক চিত্ৰ সম্বলিত উপন্যাসখন৷

    এই উপন্যাসখনকে শিশু আৰু কিশোৰ-কিশোৰীসকলৰ বাবে জয়কান্ত শৰ্মাই অনুবাদ কৰি নাম দিছে "এটা চোৰাং চিকাৰীৰ সন্ধানত"৷ গ্ৰন্থখনত আছে কাজিৰঙাৰ গঁড় সংৰক্ষণৰ কথাও৷ 'গ্ৰাফিক নোভেল'খনত শিশুসকলৰ উপযোগী হোৱাকৈ সজাগতামূলক বাক্য আৰু শ্ৰুতি ক্ষীৰসাগৰে অঁকা চিত্ৰ সম্বলিত কৰা হৈছে৷

    আজিৰ গ্ৰন্থ উন্মোচনী সভাত গ্ৰন্থখনৰ লেখক নিতীন খাড়ে, অনুবাদক জয়কান্ত শৰ্মা, অনন্ত হাজৰিকা, গোপাল জালান,দিগন্ত হাজৰিকাৰ লগতে ভালেকইগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত থাকে৷