ডিজিটেল ডেস্ক: কাছাৰৰ লক্ষীপুৰত সংঘটিত হৈছে এক মৰ্মান্তিক পথ দুৰ্ঘটনা। মন্ত্ৰী কৌশিক ৰায়ৰ বাসগৃহৰ সন্মুখতে বাহনৰ খুন্দাত মৃত্যু এটি কন্যা শিশুৰ। মৃত শিশুটি চাৰি বছৰীয়া ৰিতিকা দাস বুলি চিনাক্ত কৰা হৈছে।
পূজাৰ কাপোৰ ল’বলৈ মাকৰ সৈতে অহা শিশুটিয়ে হঠাতে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথলৈ দৌৰ দিয়ে। সেই সময়তে তীব্ৰ গতিত অহা এখন বাহনে পথৰ মাজলৈ দৌৰি অহা শিশুটিক তীব্ৰবেগত খুন্দা মাৰে।
খুন্দাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পথৰ কাষত ছিটিকি পৰে শিশুটি। পৰিয়ালৰ লোক আৰু স্থানীয় ৰাইজে ততাতৈয়াকৈ শিশুটিক চিকিৎসালয়লৈ লৈ যায় যদিও দুৰ্ভাগ্যবশতঃ চিকিৎসালয়লৈ নিয়াৰ পথতেই শিশুটিৰ মৃত্যু ঘটে। চিকিৎসকে পৰীক্ষা কৰি তেওঁক মৃত বুলি ঘোষণা কৰে
এই আকস্মিক আৰু মৰ্মান্তিক দুৰ্ঘটনাৰ বাতৰি বিয়পি পৰাৰ লগে লগে লক্ষীপুৰৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ক্ষুব্ধ ৰাইজে বাহনখন আৰু চালকজনক ঘেৰি ধৰে। পিছত ক্ষোভিত জনতাই চালকজনক আটক কৰি লক্ষীপুৰ আৰক্ষীৰ হাতত গতাই দিয়ে।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।
এসাজ নতুন কাপোৰ পিন্ধাৰ হেঁপাহ মনত লৈ ফুৰা কণমানিটিৰ এনে অকাল মৃত্যুৱে এতিয়া সমগ্ৰ লক্ষীপুৰবাসীক শোকস্তব্ধ কৰি তুলিছে। ৰাষ্ট্ৰীয় ঘাইপথসমূহত বাহনৰ গতি নিয়ন্ত্ৰণ কৰিবলৈ স্থানীয় সচেতন মহলে কঠোৰ পদক্ষেপৰ দাবী জনাইছে।