ডিজিটেল ডেস্ক: অসমীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ভাওনা সংস্কৃতিয়ে এতিয়া ভাষাৰ সীমা অতিক্ৰম কৰি এক নতুন মাত্ৰা লাভ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন জনগোষ্ঠীৰ লোকসকলে ভাওনা চৰ্চা কৰাৰ এক সুন্দৰ পৰিৱেশ গঢ়ি হৈ উঠাৰ সময়তে এইবাৰ নাৰায়ণপুৰৰ পৰা আহিছে এক ব্যতিক্ৰমী খবৰ।
লখিমপুৰ জিলাৰ নাৰায়ণপুৰ চামগুৰিৰ সাৰ্বজনীন দুৰ্গোৎসৱ সমিতিৰ উদ্যোগত আৰু গোৰ্খা সম্প্রদায়ৰ সক্ৰিয় অংশগ্ৰহণেৰে এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত মঞ্চস্থ হ’ব গনেশ গগৈৰ দ্বাৰা ৰচিত বিখ্যাত নাটক ‘শকুনিৰ প্ৰতিশোধ’। ৬৫ বছৰীয়া গৌৰৱোজ্জ্বল ইতিহাস থকা এই সাৰ্বজনীন দুৰ্গোৎসৱ সমিতিয়ে এইবাৰৰ পূজাৰ উৎসৱক অধিক আকৰ্ষণীয় আৰু ব্যতিক্ৰমি কৰি তুলিবলৈ এই বিশেষ পদক্ষেপ হাতত লৈছে।
গোৰ্খাসকলে দুৰ্গাপূজাৰ আনন্দৰ মাজতে গুৰুজনাৰ সৃষ্টি ভাওনাখনি নেপালী ভাষাত প্ৰদৰ্শন কৰাৰ বাবে এতিয়া পূৰ্ণগতিত চলাই আছে আখৰা। নাটকখনৰ সফলতাৰ বাবে স্থানীয় শিল্পী আৰু কলা-কুশলীসকলে দিন-ৰাতি একাকাৰ কৰি প্ৰস্তুতি চলাইছে।
‘শকুনিৰ প্ৰতিশোধ’ নাটকখন নেপালী ভাষালৈ অনুবাদ কৰিছে নিত্যানন্দ উপাধ্যায়ে। তেওঁৰ এই অনুবাদৰ জৰিয়তে নেপালীভাষী ৰাইজে নিজৰ মাতৃভাষাত ভাওনাৰ সোৱাদ লাভ কৰিবলৈ সক্ষম হ’ব, যিটো অসমীয়া আৰু নেপালী উভয় সংস্কৃতিৰ বাবে এক সুন্দৰ সমন্বয়ৰ বাৰ্তা।
আয়োজক কমিটিয়ে জনোৱা মতে, পৰিকল্পিত কাৰ্যসূচী অনুসৰি মহাষ্টমীৰ নিশাটোত এই বিশেষ ভাওনাখনি মঞ্চস্থ কৰা হ’ব। ইয়াৰ বাবে পূজা কমিটি আৰু স্থানীয় ৰাইজে ব্যাপক প্ৰস্তুতি চলাইছে।
৬৫ বছৰীয়া দুৰ্গোৎসৱ সমিতিখনৰ দ্বাৰা মঞ্চস্থ কৰিবলৈ লোৱা ভাওনাখনি চাবলৈ ৰাইজক সাদৰ নিমন্ত্ৰণ জনালে মুখ্য ব্যৱস্থাপক অনন্ত বিকাশ উপাধ্যায়ে ৷