spot_img
20 C
Guwahati
20 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeআঞ্চলিকউদ্বেগজনক : ৰাজ্যত পুনৰ বৃদ্ধি পালে কৰ'নাৰ সংক্ৰমণ

উদ্বেগজনক : ৰাজ্যত পুনৰ বৃদ্ধি পালে কৰ’নাৰ সংক্ৰমণ

ডিজিটলে ডেস্ক : পূজাৰ উলাহ-মালহৰ মাজতে এক উদ্বেগজনক খবৰে পুনৰ চিন্তিত কৰি তুলিছে ৰাজ্যবাসীক৷ ৰাজ্যত বৃদ্ধি পাইছে পুনৰ কৰ’নাৰ সংক্ৰমণ৷ কালিৰ দিনটোত কৰ’না ভাইৰাছত আক্ৰান্ত হয় ১৪৭ জন লোক৷ গুৱাহাটী মহানগৰীত আক্ৰান্ত হয় ৬৩ জনকৈ লোক৷ বিগত ২৪ ঘণ্টাত আক্ৰান্তৰ হাৰ আছিল ০.৯৩ শতাংশ৷ শুকুৰবাৰে এজন লোক ক’ভিডত আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰে৷

এই খবৰে যেন পুনৰ চিন্তিত কৰি তুলিছে ৰাজ্যবাসীক৷ ইপিনে বিগত ২৪ ঘণ্টাত ভাৰতত ১৬,৮৬২ টা নতুন কৰ’নাৰ সংক্ৰমণৰ ঘটনা ধৰা পৰিছে৷ দেশখনত এতিয়ালৈকে মুঠ ৩,৪০,৩৭,৫৯২জন কৰ’নাত আক্ৰান্ত হৈছে৷ তাৰবিপৰীতে বৰ্তমানলৈ ৪,৫১,৪১৪জন কৰ’নাত আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰিছে ৷

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, দেশখনত বিগত ২৪ ঘণ্টাত ৩৭৯ জন লোক কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে৷ বিগত ২১ দিনৰ তথ্য অনুসৰি, নতুন কৰ’না ভাইৰাছ সংক্ৰমণৰ দৈনিক বৃদ্ধি ৩০,০০০-ৰ তলত আছে৷ আৰু এতিয়া একেৰাহে ১১০ দিনৰ বাবে দৈনিক ৫০,০০০ ৰো কম নতুন ঘটনা প্ৰতিবেদিত হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular