Google search engine
28 C
Guwahati
Wednesday, July 28, 2021
Google search engine
Homeৰাষ্ট্ৰীয়গামোচা পিন্ধি ভেকচিন ল'লে প্ৰধানমন্ত্ৰী মোদীয়ে : দেশজুৰি গণ ভেকচিন কাৰ্যসূচী আৰম্ভ...

গামোচা পিন্ধি ভেকচিন ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে : দেশজুৰি গণ ভেকচিন কাৰ্যসূচী আৰম্ভ…

নতুন দিল্লী : আজিৰে পৰা দেশজুৰি গণ ভেকচিন প্ৰদান কাৰ্যসূচী আৰম্ভ হৈছে৷ সৰ্বসাধাৰণৰ বাবেও আজিৰে পৰা কোভিড ভেকচিনৰ কাৰ্যসূচী আৰম্ভ হৈছে৷ কোভিড ভেকচিন ল’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ এইম্ছত ভাৰত বায়’টেকৰ কোভাক্সিনৰ প্ৰথমটো ড’জ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে৷

আৰু পঢ়িব পাৰিব : হৃদয় বিদাৰক : স্বামীয়ে কেৰাচিন ঢালি জ্বলাই দিলে পত্নীক

ডিঙিত ফুলাম গামোচা লৈ ভেকচিনৰ ড’জ লোৱাৰ পাছতে সকলোকে ভেকচিন ল’বলৈ আহ্বান নৰেন্দ্ৰ মোদীৰ৷ সংকটক্ষণত চিকিত্সক-চিকিত্সাকৰ্মীৰ সেৱাক পুনৰ প্ৰশংসা কৰে মোদীয়ে৷ ইপিনে দেশৰ ৬০ বছৰ ঊৰ্ধ্বৰ নাগৰিকক আৰু ৪৫ বছৰৰ ঊৰ্ধ্বৰ অসুস্থ লোকক চৰকাৰী আৰু ব্যক্তিগত চিকিত্সালয়ত দিয়া হ’ব ভেকচিন৷

আৰু পঢ়িব পাৰিব : ‘আমি ব্ৰিটিছকো পৰাজিত কৰিছিলোঁ, নৰেন্দ্ৰ মোদী কোন?’

উল্লেখ্য যে ব্যক্তিগত চিকিত্সালয়ত প্ৰতিটো ড’জৰ বাবে ধাৰ্য কৰা হৈছে ২৫০ টকা৷ ২৫০ টকাৰ ভিতৰত ১৫০ টকা ভেকচিন, ১০০ টকা ছাৰ্ভিচ চাৰ্জ৷ আনহাতে, চৰকাৰী চিকিত্সালয়ত বিনামূলীয়া হ’ব কোভিড ভেকচিন৷

RELATED ARTICLES

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
89 %
0kmh
75 %
Wed
34 °
Thu
33 °
Fri
31 °
Sat
31 °
Sun
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular