ধুবুৰীত চোৰাং গৰুসহ জব্দ নাও, আৰক্ষীৰ বিৰুদ্ধে ধন সংগ্ৰহৰ অভিযোগ

গুৱাহাটীঃ অবৈধ গৰুৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ অভিযান অব্যাহত। নিশা অভিযান চলাই জব্দ কৰিলে ২৬ টাকৈ চোৰাং গৰুৰ লগতে যন্ত্ৰ চালিত নাও। ভাৰত-বাংলা সীমান্ত ভোগডাহৰ চৰত অভিযান চলাই জব্দ কৰে চোৰাং গৰুৰ লগতে যন্ত্ৰ চালিত নাও।

আৰু পঢ়িব পাৰিব : গৰিয়া-মৰীয়াৰ উন্নয়ন পৰিষদ গঠন আৰু সুকীয়া জৰীপৰ ব্যৱস্থা শীঘ্ৰে কাৰ্যকৰী কৰাৰ দাবীত প্ৰতিবাদ

গৰু আৰু নাও জব্দ কৰে যদিও পলাই যায় গৰু সৰ্বৰাহকাৰী। বৰপেটাৰ নগৰবেৰাৰ ব্ৰহ্মপুত্ৰ ঘাটৰ পৰা নদী পথেৰে জলেশ্বৰ বজাৰ। তাৰ পৰা ফকিৰগঞ্জ, দক্ষিণ শালমৰা, পোৰাৰচৰ সীমান্ত হৈ বাংলাদেশ সৰবৰাহ হয় চোৰাং গৰু।

আৰু পঢ়িব পাৰিব : নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক দল গঠনৰ প্ৰতিযোগিতা ! আত্মপ্ৰকাশ ‘মহিলাৰ দল’ৰ

প্ৰতিখন নাৱৰ পৰা ৭ হাজাৰ টকা দক্ষিণ শালমৰা আৰক্ষীয়ে সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে। প্ৰতিদিনে গৰুসহ ৭/৮ খনকৈ যন্ত্ৰচালিত নাও প্ৰৱেশ কৰে বাংলাদেশত। ৩৫ ৰ পৰা ৪০ টাকৈ গৰু থাকে প্ৰতিখন নাৱত।

Show More

Related Articles

Back to top button