ডিজিটেল ডেস্ক: দেৰগাঁৱত লোকপিয়লৰ দায়িত্ব পালন কৰিবলৈ গৈ কুকুৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় এগৰাকী শিক্ষয়িত্ৰী। দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী তৃষ্ণাজ্যোতি শইকীয়া মঙলবাৰে লোকপিয়লৰ কামত গৈছিল দেৰগাঁৱৰ স্মৃতি পথাৰৰ কাষৰ ৭ নং ৱাৰ্ডলৈ।
অঞ্চলটোৰ এটা বাসগৃহত মুক্ত হৈ থকা এটা পোহনীয়া জাৰ্মান শ্বেফাৰ্ড কুকুৰে চৌহদৰ পৰা ওলায় আহি পথৰ ওপৰত থকা হঠাতে শিক্ষয়িত্ৰীগৰাকীক আক্ৰমণ কৰে।
শিক্ষয়িত্ৰীগৰাকীৰ চিঞৰ শুনি কাষৰীয়া লোকসকল ওলাই অহাত কুকুৰটো আঁতৰি যায়। কুকুৰটোৱে কৰা ভয়ংকৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় শিক্ষয়িত্ৰীগৰাকী।
পৰিয়ালৰ লোকে খবৰ লাভ কৰি ততাতৈয়াকৈ সেই স্থানত উপস্থিত হৈ শিক্ষয়িত্ৰী গৰাকীক চিকিৎসালয়লৈ লৈ যায়। প্ৰায় ষোল্লটাকৈ চিলাই কৰিব লগা হয় ভুক্তভোগী শিক্ষয়িত্ৰীগৰাকীৰ শৰীৰত ।
চৰকাৰী কাৰ্যসূচীৰ অংশ হিচাপে ঘৰে ঘৰে তথ্য সংগ্ৰহ কৰিবলৈ যোৱা এগৰাকী শিক্ষয়িত্ৰী এনেদৰে কুকুৰৰ আক্ৰমণৰ মুখামুখি হ'বলগীয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ দেৰগাঁৱতে।
ইতিমধ্যে এই ঘটনাৰ সংক্ৰান্তত শিক্ষয়িত্ৰী গৰাকীৰ পৰিয়ালে দেৰগাঁও থানাত এজাহাৰ দাখিল কৰিছে।