ডিজিটেল ডেস্ক: প্ৰতিভাৰ কোনো নিৰ্দিষ্ট সীমা নাথাকে। সৃষ্টিশীল মন আৰু দক্ষ হাত থাকিলে পেলনীয়া সামগ্ৰীৰেও যে নান্দনিক আৰু আকৰ্ষণীয় সামগ্ৰী সৃষ্টি কৰিব পাৰি, তাৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে কমাৰগাঁৱৰ অতুল হাজৰিকাই। ক্ৰীড়া ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ত পাঞ্জা খেলুৱৈ হিচাপে পৰিচিত হোৱাৰ লগতে এগৰাকী, শিল্পী,অভিনেতা, ক্ৰীড়া সংগঠক, ব্যৱসায়ী আৰু এগৰাকী নিপুণ শিল্পী হিচাপেও নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তুলিছে অতুল হাজৰিকাই।
সাধাৰণতে পেলনীয়া বুলি ভাবি আঁতৰাই দিয়া কাঠ, টিং, বাঁহ আদি সামগ্ৰী অতুল হাজৰিকাৰ সৃষ্টিশীল হাতৰ পৰশত লাভ কৰিছে নতুন ৰূপ আৰু নতুন জীৱন। তেওঁৰ কৰ্মশালাত পেলনীয়া সামগ্ৰীয়ে কেৱল ব্যৱহাৰিক ৰূপেই নহয়, সৌন্দৰ্য আৰু সৃষ্টিশীলতাৰো পৰিচয় বহন কৰিছে।
শেহতীয়াকৈ তেওঁৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বিভিন্ন আকাৰৰ কাঠৰ পুতলা, কাঠ আৰু পেলনীয়া টিঙেৰে নিৰ্মিত কেলেণ্ডাৰ, বিভিন্ন প্ৰজাতিৰ চৰাইৰ আৰ্হি, ভোৰতাল, বাঁহেৰে নিৰ্মিত জাতীয় পতাকাকে ধৰি বিভিন্ন সামগ্ৰী। প্ৰতিটো সামগ্ৰীৰ নিৰ্মাণশৈলী, সূক্ষ্ম কাৰুকাৰ্য আৰু অভিনৱ চিন্তাধাৰাই সহজেই আকৰ্ষণ কৰে দৰ্শকৰ দৃষ্টি।
বিশেষকৈ পেলনীয়া সামগ্ৰীক পুনৰ ব্যৱহাৰৰ উপযোগী কৰি তোলাৰ ক্ষেত্ৰত অতুল হাজৰিকাৰ এই প্ৰচেষ্টাই পৰিৱেশ সংৰক্ষণৰ এক ইতিবাচক বাৰ্তাও বহন কৰিছে। যিবোৰ সামগ্ৰী এদিন আৱৰ্জনা হিচাপে পেলাই দিয়া হ'লহেঁতেন, সেইবোৰেই তেওঁৰ সৃষ্টিশীলতাত পৰিণত হৈছে সৌন্দৰ্যবৰ্ধক আৰু ব্যৱহাৰিক সামগ্ৰীত। ফলত তেওঁৰ এই ব্যতিক্ৰমী সৃষ্টিকৰ্মে ইতিমধ্যে স্থানীয় ৰাইজৰ মাজত যথেষ্ট সমাদৰ লাভ কৰাৰ লগতে সামাজিক মাধ্যমতো চৰ্চা লাভ কৰিছে।
ক্ৰীড়া ক্ষেত্ৰৰ পৰা ব্যৱসায়লৈ আৰু ব্যৱসায়ৰ পৰা শিল্পকলালৈ—বিভিন্ন ক্ষেত্ৰত নিজৰ দক্ষতাৰ পৰিচয় দিয়া অতুল হাজৰিকাৰ সৃষ্টিশীল যাত্ৰাই কমাৰগাঁৱৰ লগতে বৃহত্তৰ গোলাঘাটৰ প্ৰতিভাৰ এক উজ্জ্বল দিশ প্ৰতিফলিত কৰিছে। তেওঁৰ মতে, কোনো সামগ্ৰী পেলনীয়া নে মূল্যৱান সেয়া সামগ্ৰীৰ ওপৰত নিৰ্ভৰ নকৰে; সৃষ্টিশীল দৃষ্টিভংগী আৰু দক্ষ হাত থাকিলে পেলনীয়া সামগ্ৰীৰ পৰাও মূল্যৱান সৃষ্টি কৰিব পাৰি।
আজিৰ সময়ত পেলনীয়া সামগ্ৰীৰ সঠিক ব্যৱহাৰ, পুনৰ ব্যৱহাৰ আৰু পৰিৱেশ সুৰক্ষাৰ প্ৰতি জনসচেতনতা বৃদ্ধি কৰাটো অত্যন্ত প্ৰয়োজনীয়। এনে সময়তে অতুল হাজৰিকাৰ ব্যতিক্ৰমী প্ৰচেষ্টা কেৱল এগৰাকী শিল্পীৰ প্ৰতিভাৰ প্ৰকাশ নহয়, বৰং ‘পেলনীয়া’ সামগ্ৰীক ‘সম্পদ’লৈ ৰূপান্তৰ কৰাৰ এক অনন্য প্ৰয়াস হিচাপেও বিবেচিত হৈছে।
কমাৰগাঁৱৰ মাটিৰ পৰা উদ্ভৱ হোৱা এই সৃষ্টিশীল প্ৰতিভাই আগন্তুক দিনত অধিক পৰিসৰত নিজৰ শিল্পকৰ্মক আগুৱাই নি নতুন প্ৰজন্মকো সৃষ্টিশীলতা, পুনৰ ব্যৱহাৰ আৰু আত্মনিৰ্ভৰশীলতাৰ প্ৰতি উৎসাহিত কৰিব বুলি আশা প্ৰকাশ কৰিছে সচেতন মহলে।