--°C
Loading...
Listen to Article
1 min read
80%

In Short

  • নজিৰা মহকুমাত ডিকৌ নদীৰ বানে ক্ষতিগ্ৰস্ত লোকসকলক পৰ্যাপ্ত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপন দিব নোৱাৰাৰ বাবে কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰিছে।

নজিৰা, ২০ আগষ্ট: ৰাজ্যৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা, নজিৰাৰ প্ৰাক্তন বিধায়ক তথা বিধানসভাৰ প্ৰাক্তন বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই নজিৰা মহকুমাত ডিকৌ নদীৰ বানে ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিফলতাক লৈ তীব্ৰ সমালোচনা কৰিছে। ১৯ আগষ্টত শিমলুগুৰিৰ বৰদুৱাৰস্থিত নিজা বাসভৱনত অনুষ্ঠিত এক সংবাদমেলত তেওঁ এই গুৰুতৰ অভিযোগ উত্থাপন কৰে।

শইকীয়াই কয় যে ১৯ জুলাইৰ পৰা হোৱা ডিকৌ নদীৰ বিধ্বংসী বানে নজিৰা মহকুমাৰ বিভিন্ন অঞ্চলত প্ৰায় এমাহ ধৰি জনসাধাৰণক দুৰ্বিষহ যাতনা দিছে। তেওঁ অভিযোগ কৰে যে চৰকাৰে বানাক্ৰান্ত পৰিয়ালসমূহৰ লোকচান নিৰূপণ আৰু ক্ষতিপূৰণ প্ৰদানৰ ক্ষেত্ৰত বৈষম্যমূলক নীতি গ্ৰহণ কৰিছে। কংগ্ৰেছ নেতাগৰাকীয়ে দাবী কৰে যে ডিকৌ নদীৰ বানত দহ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে আৰু বহু পৰিয়ালে তেওঁলোকৰ সৰ্বস্ব হেৰুৱাইছে।

“এই সংকটৰ সময়ত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ ক'ত?” বুলি প্ৰশ্ন তুলি শইকীয়াই ক্ষোভ প্ৰকাশ কৰে। তেওঁ লগতে অভিযোগ কৰে যে চৰকাৰে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ সঠিক মূল্যায়ন কৰাত ব্যৰ্থ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি জ্যেষ্ঠ বিজেপি নেতাসকলৰ অনুপস্থিতিৰ ওপৰতো তেওঁ প্ৰশ্ন উত্থাপন কৰে। শইকীয়াই চৰকাৰক বানাক্ৰান্তসকলৰ প্ৰতি অধিক সংবেদনশীল হ'বলৈ আৰু শীঘ্ৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
দেশত চেনিৰ দাম ১৭% বৃদ্ধি
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী