--°C
Loading...
Listen to Article
1 min read
80%

In Short

  • অসমৰ কৃষিমন্ত্ৰীয়ে ভাৰতীয় মছলা ব'ৰ্ডৰ সৈতে ৰাজ্যত মছলা উৎপাদন বৃদ্ধি, মানদণ্ড উন্নতকৰণ আৰু বজাৰ সম্প্ৰসাৰণৰ বাবে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

গুৱাহাটী: অসমত মছলা খণ্ডৰ সামগ্ৰিক বিকাশৰ বাবে ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। এই লক্ষ্যৰে অসমৰ কৃষিমন্ত্ৰী পিয়ুষ হাজৰিকাই বৃহস্পতিবাৰে জনতা ভৱনত ভাৰতীয় মছলা ব'ৰ্ডৰ সচিব এম এছ মণিৱান্নান আৰু ইয়াৰ উত্তৰ-পূব ভাৰত আঞ্চলিক কাৰ্যালয়ৰ বিষয়ববীয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত ৰাজ্যত মছলা খেতিৰ বিস্তাৰ, উৎপাদন বৃদ্ধি, মানদণ্ড উন্নতকৰণ আৰু কৃষকসকলৰ বাবে উন্নত বজাৰ সৃষ্টিৰ ওপৰত বিস্তৃত আলোচনা কৰা হয়।

মন্ত্ৰী হাজৰিকাই কয় যে আদা, হালধি, জালুক, জলকীয়া, নহৰু, ধনীয়া, ইলাচি আৰু তেজপাতকে ধৰি বিভিন্ন মছলাৰ উৎপাদন বৃদ্ধিৰ বাবে অসমৰ যথেষ্ট সম্ভাৱনা আছে। তেওঁ লগতে উল্লেখ কৰে যে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত মছলাৰ বৰ্ধিত চাহিদাই কৃষকসকলৰ আয় বৃদ্ধি আৰু ৰাজ্যৰ কৃষি অৰ্থনীতি শক্তিশালী কৰাৰ এক সুৱৰ্ণ সুযোগ আনিছে।

বৈঠকত কৃষিমন্ত্ৰীগৰাকীয়ে মছলা খেতিয়কসকলৰ বাবে কৃষি বিভাগৰ ফালৰ পৰা সকলো সম্ভৱ সহায় আগবঢ়োৱাৰ আশ্বাস দিয়ে। তেওঁ মছলাৰ উৎপাদন বৃদ্ধি, মানদণ্ড উন্নত কৰা আৰু বজাৰৰ সৈতে সংযোগ শক্তিশালী কৰাৰ বাবে সমন্বিত প্ৰচেষ্টাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

আলোচনাৰ সময়ত অসমৰ অনুকূল কৃষি-জলবায়ুগত সুবিধাসমূহৰ সদ্ব্যৱহাৰ কৰি ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় মছলা বজাৰত ৰাজ্যৰ উপস্থিতি বৃদ্ধিৰ বিষয়েও আলোচনা কৰা হয়। এই পদক্ষেপসমূহে অসমৰ মছলা খণ্ডক এক নতুন মাত্ৰা প্ৰদান কৰি ৰাজ্যৰ কৃষি ক্ষেত্ৰত এক ইতিবাচক পৰিৱৰ্তন আনিব বুলি আশা কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
দেশত চেনিৰ দাম ১৭% বৃদ্ধি
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী