গুৱাহাটী: অসমত মছলা খণ্ডৰ সামগ্ৰিক বিকাশৰ বাবে ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। এই লক্ষ্যৰে অসমৰ কৃষিমন্ত্ৰী পিয়ুষ হাজৰিকাই বৃহস্পতিবাৰে জনতা ভৱনত ভাৰতীয় মছলা ব'ৰ্ডৰ সচিব এম এছ মণিৱান্নান আৰু ইয়াৰ উত্তৰ-পূব ভাৰত আঞ্চলিক কাৰ্যালয়ৰ বিষয়ববীয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত ৰাজ্যত মছলা খেতিৰ বিস্তাৰ, উৎপাদন বৃদ্ধি, মানদণ্ড উন্নতকৰণ আৰু কৃষকসকলৰ বাবে উন্নত বজাৰ সৃষ্টিৰ ওপৰত বিস্তৃত আলোচনা কৰা হয়।
মন্ত্ৰী হাজৰিকাই কয় যে আদা, হালধি, জালুক, জলকীয়া, নহৰু, ধনীয়া, ইলাচি আৰু তেজপাতকে ধৰি বিভিন্ন মছলাৰ উৎপাদন বৃদ্ধিৰ বাবে অসমৰ যথেষ্ট সম্ভাৱনা আছে। তেওঁ লগতে উল্লেখ কৰে যে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত মছলাৰ বৰ্ধিত চাহিদাই কৃষকসকলৰ আয় বৃদ্ধি আৰু ৰাজ্যৰ কৃষি অৰ্থনীতি শক্তিশালী কৰাৰ এক সুৱৰ্ণ সুযোগ আনিছে।
বৈঠকত কৃষিমন্ত্ৰীগৰাকীয়ে মছলা খেতিয়কসকলৰ বাবে কৃষি বিভাগৰ ফালৰ পৰা সকলো সম্ভৱ সহায় আগবঢ়োৱাৰ আশ্বাস দিয়ে। তেওঁ মছলাৰ উৎপাদন বৃদ্ধি, মানদণ্ড উন্নত কৰা আৰু বজাৰৰ সৈতে সংযোগ শক্তিশালী কৰাৰ বাবে সমন্বিত প্ৰচেষ্টাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
আলোচনাৰ সময়ত অসমৰ অনুকূল কৃষি-জলবায়ুগত সুবিধাসমূহৰ সদ্ব্যৱহাৰ কৰি ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় মছলা বজাৰত ৰাজ্যৰ উপস্থিতি বৃদ্ধিৰ বিষয়েও আলোচনা কৰা হয়। এই পদক্ষেপসমূহে অসমৰ মছলা খণ্ডক এক নতুন মাত্ৰা প্ৰদান কৰি ৰাজ্যৰ কৃষি ক্ষেত্ৰত এক ইতিবাচক পৰিৱৰ্তন আনিব বুলি আশা কৰা হৈছে।