spot_img
11 C
Guwahati
11 C
Guwahati
শনিবাৰ, জানুৱাৰী 29, 2022
Homeআন্তঃৰাষ্ট্ৰীয়ড’নাল্ড ট্ৰাম্পলৈ আহিছে হত্যাৰ ভাবুকি, কোনে ‘হিটলাৰ’ আখ্যা দিছিল ট্ৰাম্পক ?

ড’নাল্ড ট্ৰাম্পলৈ আহিছে হত্যাৰ ভাবুকি, কোনে ‘হিটলাৰ’ আখ্যা দিছিল ট্ৰাম্পক ?

ৱাশ্বিংটনঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক অপহৰণ আৰু হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত এজন ৭২ বছৰীয়া বৃদ্ধাক আমেৰিকা যুক্তৰাষ্ট্ৰত আটক কৰা হৈছে। অভিযুক্ত থমাছ ৱেলনিস্কিক সোমবাৰে নিউয়ৰ্কৰ পৰা ইউএছ ছিক্ৰেট ছাৰ্ভিচৰ সদস্যসকলে আটক কৰে। প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক অপহৰণ আৰু হত্যাৰ ভাবুকি দি একাধিকবাৰ ছিক্ৰেট ছাৰ্ভিচলৈ বৃদ্ধাগৰাকীয়ে ফোন কৰিছিল বুলি জানিবলৈ পোৱা গৈছে। নিউয়ৰ্কত ব্ৰুকলিনৰ কাৰ্যবাহী সকলে কয়,‘আটকাধীন বৃদ্ধাজনে ইচ্ছাকৃতভাৱে প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক অপহৰণ আৰু হত্যাৰ ভাবুকি দিছিল।’ কেৱল সেয়াই নহয় থমাছ ৱেলনিস্কিৰ বিৰুদ্ধে আছে আন এটা গুৰুতৰ অভিযোগ।

ৰাষ্ট্ৰপতি নিৰ্বাচনত যদি ট্ৰাম্প পৰাজিত হয় আৰু ক্ষমতা ত্যাগ কৰিবলৈ অস্বীকাৰ কৰে তেন্তে তেওঁ ট্ৰাম্পক গুলীয়াই হত্যা কৰিব বুলিও ২০২০ চনৰ জুলাই মাহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেপিটল হিলত আৰক্ষীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত স্পষ্ট কৰি দিছিল। জানিবলৈ পোৱা মতে, থমাছ ৱেলনিস্কিয়ে বিগত বৰ্ষৰ জানুৱাৰী মাহত নিউয়ৰ্কৰ লং আইলেণ্ডৰ ছিক্ৰেট ছাৰ্ভিচৰ কাৰ্যালয়লৈ দুটা ভইচ মেছেজ প্ৰেৰণ কৰিছিল আৰু ট্ৰাম্পক হত্যাৰ ভাবুকি দিছিল। প্ৰকাশতি প্ৰতিবেদন অনুসৰি, অভিযুক্ত থমাছ ৱেলনিস্কি আমেৰিকা যুক্তৰাষ্ট্ৰৰ কুইঞ্চৰ বাসিন্দা। ট্ৰাম্পক হত্যাৰ ভাবুকি দিয়া বাৰ্তাত তেওঁ কৈছিল, ‘মই ভাবুকি দি আছো। যদি পাৰে মোক গ্ৰেপ্তাৰ কৰক। মই ড’নাল্ড ট্ৰাম্পক হত্যা কৰিবলৈ যিকোনো প্ৰকাৰে প্ৰস্তুত।’ ট্ৰাম্পক ‘হিটলাৰ’ বুলিও সম্বোধন কৰিছিল এইগৰাকী বৃদ্ধাই।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular