Google search engine
26.1 C
Guwahati
Saturday, July 24, 2021
Google search engine
Homeআঞ্চলিককাৰ্ফিউ ভংগ কৰি সান্ধ্যভ্ৰমণঃ আপোনাকো আৰক্ষীয়ে দিব পাৰে এই শাস্তি...

কাৰ্ফিউ ভংগ কৰি সান্ধ্যভ্ৰমণঃ আপোনাকো আৰক্ষীয়ে দিব পাৰে এই শাস্তি…

গুৱাহাটীঃ সান্ধ্য আইন উলংঘা কৰি সান্ধ্যভ্ৰমণলৈ যোৱা লোকসকলৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী। কৰ’না সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰীত ৫বজাৰ পৰা জাৰি হৈ আছে সান্ধ্য আইন। কিন্তু দেখা গৈছে যে, সান্ধ্য ভ্ৰমণ কৰাৰ নামত ভালেসংখ্যক লোকে সন্ধিয়াৰ ভাগত ৰাস্তাত ভিৰ কৰি আহিছে। এইসকল লোকে আইন উলংঘা কৰাই নহয়, জনস্বাস্থ্যৰ প্ৰতিও কঢ়িয়াই আনিছে ভাবুকি।

নানা সতৰ্কবাণীয়ে কাম নিদিয়াৰ পাছত এইসকল লোকৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যতিক্ৰমী শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছে। সান্ধ্য আইনৰ সময়ত পথত খোজকাঢ়িবলৈ ওলাই অহা লোকসকলক কালি আৰক্ষীয়ে চাৰিখন বাছেৰে বিভিন্ন স্থানৰ পৰা লৈ যায় আৰু তাৰ পাছত গুৱাহাটী বিমানবন্দৰৰ সমীপত নমাই দিয়ে। সান্ধ্য আইন ভংগকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ এই কঠোৰ তথা ব্যতিক্ৰমী শাস্তিমূলক ব্যৱস্থাই এতিয়া চৰ্চা লাভ কৰিছে। আৰক্ষীৰ এই ব্যৱস্থাই এইসকল আইনভংগকাৰীক এনে কাৰ্যৰ পৰা বিৰত ৰাখিব নে নাই সেয়া সময়েহে ক’ব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
overcast clouds
26.1 ° C
26.1 °
26.1 °
93 %
0.7kmh
100 %
Sun
33 °
Mon
33 °
Tue
33 °
Wed
29 °
Thu
29 °

Watch latest Movies & TV Series on Prag Play

Most Popular