spot_img
26 C
Guwahati
26 C
Guwahati
দেওবাৰ, নৱেম্বৰ 28, 2021
Homeআঞ্চলিক২০০৭ চনত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত পিতৃ: ১৪ বছৰ পাছত একেটা ঘটনাৰে পুনৰাবৃত্তি!...

২০০৭ চনত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত পিতৃ: ১৪ বছৰ পাছত একেটা ঘটনাৰে পুনৰাবৃত্তি! পঞ্চভূতত বিলীন ছহিদ সুমন স্বৰ্গিয়াৰী

ডিজিটেল ডেস্ক : নিয়তিৰ পৰিহাস সচাকৈ বুজিবলৈ বৰ কঠিন৷ পিতৃৰ আৰ্দশেৰে অনুপ্ৰাণিত অসমৰ এজন ছহিদ বীৰ জোৱান ৷ নাম সুমন স্বৰ্গিয়াৰী৷ মণিপুৰত শনিবাৰে উগ্ৰপন্থীৰ আক্ৰমণত নিহত হৈছিল অসম সন্তান  অসম ৰাইফলছৰ ৪৬ নং বেটেলিয়ানৰ জোৱান সুমন স্বৰ্গিয়াৰী৷ বীৰ ছহিদ সুমন স্বৰ্গিয়াৰী আছিল পিতৃৰ আদৰ্শেৰে অনুপ্ৰাণিত৷ দেশভক্তি যেন তেজতেই প্ৰবাহিত হৈ আছে৷

এসময়ত দেশৰ বাবে সন্ত্ৰাসবাদীৰ নিষ্ঠুৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছিল পিতৃ কনক স্বৰ্গিয়াৰীয়ে৷ সেই ঘটনাই পুনৰাবৃত্তি হ’ল একেটা পৰিয়ালত৷ ২০০৭চনত সন্ত্ৰাসবাদীৰ গুলীত নিহত হৈছিল সুমনৰ পিতৃ  কনক স্বৰ্গিয়াৰী৷ তেওঁ আছিল এজন সমাজ কৰ্মী৷ বাকসা জিলাৰ বৰমাৰ কাঁহিবাৰীৰ এজন বিশিষ্ট সমাজ কৰ্মী হিচাপে পৰিচিত কনক স্বৰ্গিয়াৰীয়ে বিভিন্ন সমাজহিতকৰ কাম কৰিছিল৷

অৱশেষত ভাল কামৰ পৰিণতিত বুকু পাতি ল’ব লগীয়া হয় সন্ত্ৰাসবাদীৰ গুলী৷ পুত্ৰ সুমন স্বৰ্গিয়াৰী পিতৃৰ খোজেৰে খোজ মিলাই দেশৰ বাবে কাম কৰিবলৈ ২০১১ চনত অসম ৰাইফলছত যোগদান কৰিছিল তেওঁ৷ দেশৰ প্ৰতি থকা নিস্বাৰ্থ প্ৰেম আৰু ভালপোৱাৰ নিদৰ্শন দাঙি ধৰা বীৰ জোৱানজন মণিপুৰৰ পিপুলছ লিবাৰেচন আৰ্মীৰ এম্বুশ্বত প্ৰাণ হেৰুৱাব লগীয়া হৈছিল৷

পুত্ৰ জন্মদিনত ঘৰলৈ যোৱাৰ প্ৰতিশ্ৰুতি দি জোৱানজনৰ নশ্বৰদেহ আজি স্ব-গৃহত আহি উপস্থিত হয়৷ আজি পুৱা ৭.৩০ বজাত বিশেষ বিমানেৰে গুৱাহাটীলৈ অনা হয় বীৰ জোৱানজনৰ নশ্বৰ দেহ।

বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত অসম চৰকাৰৰ মুখপাত্ৰ তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই শ্বহীদ জোৱানগৰাকীৰ নশ্বৰদেহত মাল্যাৰ্পণেৰে ৰাজ্য চৰকাৰৰ হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। স্বগৃহত ছহিদ সুমন স্বৰ্গীয়াৰীৰ নশ্বৰ দেহ উপস্থিত হোৱাৰ পাছত বৰমাৰ কাঁহিবাৰীত শোকাকুল পৰিৱেশে বিৰাজ কৰে৷

অন্তিম শ্ৰদ্ধা জনাবলৈ অগণন জনতাৰ সমাগম ঘটে৷ ৩বছৰীয়া অবুজ কণমানিটোৱে চাই ৰয় পিতৃৰ নিথৰ শৰীৰ৷ পত্নী জুৰীৰ চকুৰ লোটেকেৰে জ্ঞাপন কৰে শ্ৰদ্ধাঞ্জলী৷ সামৰিক মৰ্যাদাৰে অন্তিম শ্ৰদ্ধা জনায় ছহিদজনলৈ৷ পত্নী-পুত্ৰই অশ্ৰুসিক্ত নয়নেৰে জনালে শেষ বিদায় ৷ মন্ত্ৰী কেশৱ মহন্তও জনালে শেষ শ্ৰদ্ধাঞ্জলী৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular