spot_img
16 C
Guwahati
16 C
Guwahati
দেওবাৰ, নৱেম্বৰ 28, 2021
Homeআঞ্চলিকমহানগৰীত সুৰক্ষিত নে নাৰী? ছাত্ৰীক অশালীন ব্যৱহাৰ ডেলিভাৰী বয়ৰ

মহানগৰীত সুৰক্ষিত নে নাৰী? ছাত্ৰীক অশালীন ব্যৱহাৰ ডেলিভাৰী বয়ৰ

গুৱাহাটী : মহানগৰীত পুনৰ অসুৰক্ষিত নাৰী৷ মহিলা-যুৱতীৰ পৰা আৰম্ভ কৰি ছাত্ৰীলৈকে সকলোৱে সন্মুখীন হ’বলগা হয় একাংশ লম্পটৰ অশালীন কাৰ্য-কলাপৰ৷ আজি দিন-দুপৰতে পুনৰ মহানগৰীৰ বেলতলাত এগৰাকী ছাত্ৰীক অশালীন ব্যৱহাৰ কৰাক লৈ পৰিস্থিতি উত্তপ্ত হৈ পৰে৷

জানিব পৰা মতে, এগৰাকী ছাত্ৰীয়ে পৰীক্ষা দি উভটি অহাৰ পথতে এজন যুৱকে অশালীন ব্যৱহাৰ কৰে৷ ছাত্ৰীগৰাকীয়ে পদপথেৰে আহি থকা অৱস্থাত শৰীৰৰ অংগক লৈ অশালীন মন্তব্য কৰে যুৱকজনে৷ ইয়াৰ পাছতে যুৱকজনে উক্ত স্থানৰ পৰা পলায়নৰ চেষ্টা চলায়৷ কিন্তু ভুক্তভোগী ছাত্ৰীগৰাকীয়ে পাছে পাছে খেদি যুৱকজনক এঘৰ মানুহৰ পৰা লুকাই থকা অৱস্থাত ধৰি আনে৷ এই ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰে যদিও বাতৰি লিখা পৰলৈকে যুৱকজনক আটক কৰা নাই৷

ঘটনা সংঘটিত কৰা লোকজন জিতুমণি কলিতা বুলি জানিব পৰা গৈছে৷ তেওঁ ‘Jio Mart’ নামৰ প্ৰতিষ্ঠানটোৰ ডেলিভাৰী বয় হিচাপে কৰ্মৰত হৈ আছিল৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular