spot_img
16 C
Guwahati
16 C
Guwahati
দেওবাৰ, নৱেম্বৰ 28, 2021
Homeআঞ্চলিকপ্ৰেমৰ নামত জোনালীৰ আকাশলৈ ক'লা ডাৱৰ আনিলে ‘বগা’ই! কিয় ল'লে চৰম সিদ্ধান্ত...

প্ৰেমৰ নামত জোনালীৰ আকাশলৈ ক’লা ডাৱৰ আনিলে ‘বগা’ই! কিয় ল’লে চৰম সিদ্ধান্ত…

বাকসাঃ প্ৰেমে এক নতুন জীৱন দিয়ে, জীৱন নলয়। দুটি মনৰ মিলনত হোৱা প্ৰণয়ে প্ৰেমৰ ডোলেৰে বান্ধ খাই গাঢ় হয়। প্ৰেমাস্পদৰ কাৰণে প্ৰাণ আহুতি দিয়া অমৰ প্ৰেমকথা বহুত আছে, কিন্তু জীৱন ত্যাগ কৰিবলৈ বাধ্য কৰোৱাটো জানো প্ৰেম! কিন্তু প্ৰেমৰ নামত ঘটিল তেনে এক অঘটন।


হিংস্ৰ প্ৰেমিকৰ বাবে জীৱনৰ চৰম সিদ্ধান্ত ল’বলৈ বাধ্য হ’ল এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী। বাকসা জিলাৰ বৰ মানিকপুৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। ঘৰৰ ভিতৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় জোনালী বেগম নামৰ ১৫ বছৰীয়া ছাত্ৰীগৰাকীৰ মৃতদেহ। মাণিকপুৰ হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী আছিল জোনালী বেগম। প্ৰাপ্ত তথ্য অনুসৰি দীৰ্ঘদিন ধৰি নজমুল আলী ওৰফে বগা নামৰ যুৱকজনে জোনালীক বিভিন্ন ভয়-ভাবুকিৰে প্ৰেমৰ জালত পেলোৱাৰ চেষ্টা কৰি আহিছিল। কিন্তু জোনালীয়ে যুৱকজনৰ প্ৰেমৰ প্ৰস্তাৱ গ্ৰহন কৰা নাছিল। আনকি জোনালীক হত্যাৰ ভাবুকিও দিয়া হৈছিল বুলি জানিব পৰা গৈছে। বিদ্যালয় আৰু টিউচনলৈ গ’লে যুৱকজনে জোনালীক ৰাজপথত আগচি ধৰি বিভিন্ন ধৰণৰ হাৰাশাস্তি কৰি আহিছিল। যুৱকজনৰ হাৰাশাস্তি আৰু ভয়-ভাবুকি সহ্য কৰিব নোৱাৰি অৱশেষত জোনালীয়ে চৰম সিদ্ধান্ত লবলৈ বাধ্য হয়। বগাই জোনালীৰ ওপৰত কৰা মানসিক অত্যাচাৰৰ সকলো কথা পিতৃয়ে বৰ্ণনা কৰে।


ইতিমধ্যে, জোনালীৰ পিতৃয়ে অভিযুক্ত নজমুল আলীৰ বিৰুদ্ধে বাঘমাৰা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। আনহাতে, অভিযুক্ত নজমুল আলী সম্প্ৰতি পলাতক অৱস্থাত আছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular