spot_img
20 C
Guwahati
20 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeআঞ্চলিকবিল মোকলোৱাৰ নামত কমিছন বিচাৰি ৰঙাঘৰত কনিষ্ঠ অভিযন্তা

বিল মোকলোৱাৰ নামত কমিছন বিচাৰি ৰঙাঘৰত কনিষ্ঠ অভিযন্তা

গুৱাহাটী : মহানগৰীত দুৰ্নীতি শাখাৰ জালত পৰিল এগৰাকী কনিষ্ঠ অভিযন্তা। ফাঁচীবজাৰৰ জিএমচি কমপ্লেক্সত গ্ৰেপ্তাৰ কৰা হয় অভিযন্তাগৰাকীক। নলা চফা কৰা কামৰ বিল মোকলোৱাৰ নামত লৈছিল উৎকোচ। উৎকোচ লওঁতেই গ্ৰেপ্তাৰ কনিষ্ঠ অভিযন্তা দিবাকৰ মালী। ভিজিলেন্স এণ্টি কৰাপচনৰ দলে হাতে-লোটে ধৰে অভিযন্তাগৰাকীক ।


বিল মোকলই দিয়াৰ নামত চিভান্স এণ্টাৰপ্ৰাইজৰ পৰা তেওঁ বিচাৰিছিল কমিছন। বিলৰ নামত বিচাৰিছিল ৩০ শতাংশ কমিছন। ২০১৮-২০লৈ নলা-নৰ্দমা চাফাইৰ ঠিকা পাইছিল প্ৰতিষ্ঠানটোৱে। দিগন্ত ডেকা, মানস বৰ্মন, তবিছ বড়োৰ পৰা লৈছিল ধন। ৯লাখ টকাৰ বিল পাবলৈ আছিল প্ৰতিষ্ঠানটোৱে। শেহতীয়াকৈ ২লাখ ৬ হাজাৰ টকা মোকলাই দিছিল চৰকাৰে।


জিএমচিৰ সহকাৰী অভিযন্তা দিবাকৰ মালীক গ্ৰেপ্তাৰৰ পাছতে প্ৰায় ৩ঘন্টা জেৰা কৰে তদন্তকাৰীয়ে। জেৰাৰ অন্তত দুৰ্নীতি নিবাৰক শাখাই নিজৰ জিম্মাত লয় দিবাকৰ মালীক৷ বৰ্তমান স্বাস্থ্য পৰীক্ষাৰ বাবে তেওঁক লৈ যোৱা হৈছে এমএমচিএইচলৈ৷ উৎকোচ লোৱাৰ অভিযোগ নস্যাৎ দিবাকৰ মালীৰ৷ ঠিকাৰ বাবে মাছুল হিচাপেহে ধন লৈছিল বুলি মন্তব্য কৰে অভিযুক্ত ঠিকাদাৰজনে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular