spot_img
16 C
Guwahati
16 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeআঞ্চলিকলগ পাবলৈ ঘৰলৈ মাতি নিছিল প্ৰেয়সীয়ে, তাৰ পাছত কি পৰিস্থিতিত উদ্ধাৰ হ’ল...

লগ পাবলৈ ঘৰলৈ মাতি নিছিল প্ৰেয়সীয়ে, তাৰ পাছত কি পৰিস্থিতিত উদ্ধাৰ হ’ল যুৱকৰ মৃতদেহ?

ডিজিটেল ডেস্ক : প্ৰেমত ফুলিছে শতদল; প্ৰেমত ঘূৰিছে ভূমণ্ডল৷ কিন্তু প্ৰেমেই কাল হ’ল এজনৰ যুৱকৰ৷ প্ৰেমৰ বাবে নৃশংস হত্যাকাণ্ডৰ বলি হয় যুৱকজন৷ গোৱালপাৰাৰ বগুৱানত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো। জিলাখনৰ জয়পুৰ গাঁৱৰ এই গৰাকী মিৰাজুল ইছলাম ভূঞাই প্ৰেমত পৰিছিল থেপকাইৰ এগৰাকী যুৱতীৰ। শুকুৰবাৰে নিশা যুৱতীগৰাকীয়ে নিজ গৃহলৈ মাতি পঠিয়াইছিল মিৰাজুলক।

সেই মতে, মিৰাজুলে উপস্থিত হৈছিল প্ৰেমিকাৰ গৃহত। মিৰাজুলে এগৰাকী বন্ধুৰ লগত প্ৰেমিকাৰ গৃহত গৈছিল যদিও বন্ধুগৰাকীক প্ৰেমিকাৰ ঘৰৰ কাষত ৰৈ থাকিবলৈ কৈছিল। পাছত নিশা প্ৰায় ডেৰ বজালৈ মিৰাজুলে আহি নোপোৱাত বন্ধুজনে ঘৰলৈ উভতি যায় আৰু পৰিয়ালক ঘটনাৰ সবিশেষ জনায়। শনিবাৰৰ সন্ধিয়ালৈ মিৰাজুলৰ পৰিয়ালৰ লোকে যুৱকজনক বিচাৰ-খোচাৰ আৰম্ভ কৰে যদিও কোনো সন্ধান নাপায় যুৱকজনৰ৷ ফলত শনিবাৰে নিশাই ঘটনাৰ বিষয়ে বগুৱান আৰক্ষীক অৱগত কৰে।
ইফালে, দেওবাৰে সন্ধিয়া প্ৰেমিকাৰ ঘৰৰ পিছফালৰ পুখুৰীত স্থানীয় ৰাইজে মিৰাজুলৰ মৃতদেহ দেখা পায়। লগে লগে একাংশ লোক উত্তেজিত হৈ পৰে। উত্তেজিত লোকে প্ৰেয়সীৰ পিতৃ ময়েজউদ্দিনৰ ঘৰৰ লগতে গাঁওবুঢ়া হজৰত আৰু পঞ্চায়ত সদস্য আনোৱাৰ হুছেইনৰ ঘৰৰৰ আচবাব লণ্ডভণ্ড কৰাৰ লগতে তিনিওৰে ঘৰত অগ্নিসংযোগ কৰে। এই ঘটনাই সমগ্র অঞ্চলটোত চেপা উত্তেজনাৰ সৃষ্টি কৰিছে। অৱশ্যে ঘটনাৰ খবৰ পোৱাৰ লগে লগে বগুৱান আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে। ইপিনে ঘটনাস্থলীত উপস্থিত হয় গোৱালপাৰা জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক মৃনাল ডেকা, উপআৰক্ষী অধীক্ষক অনুৰাগ শৰ্মা। ইতিমধ্যে এই ঘটনা সংক্রান্তত সোধ-পোচৰ বাবে সাতজনকৈ লোকক আটক কৰিছে আৰক্ষীয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular