ডিজিটেল ডেস্ক: বক্স অফিচত সদায় বিগ বাজেট আৰু ডাঙৰ তাৰকা থকা চিনেমাই যে সফল হ’ব, তাৰ কোনো মানে নাই। কেতিয়াবা কম বাজেট, কম শ্ব’ আৰু কোনো ডাঙৰ তাৰকা অবিহনে নিৰ্মাণ কৰা এখন চিনেমাইও বক্স অফিচত খলকনি তুলিব পাৰে। বৰ্তমান সময়ত ‘হনুমান অংশ’ আৰু যশ অভিনীত ‘টক্সিক’ৰ তথ্য-পৰিসংখ্যাই তেনে কথাকেই প্ৰমাণ কৰিছে। ‘হনুমান অংশ’ই বহু দিশত যশৰ ‘টক্সিক’ক পিছ পেলাই দিয়া দেখা গৈছে। জানো আহক কেনেকৈ?
৭ আগষ্টত মুক্তি পোৱা ‘হনুমান অংশ’ৰ বাজেট প্ৰায় ২ কোটি টকা। আনফালে ২৬ আগষ্টত ছবিগৃহলৈ অহা যশৰ ‘টক্সিক’ চিনেমাখন ৫০০ কোটি টকাৰ বৃহৎ বাজেটত নিৰ্মাণ কৰা হৈছে। এতিয়া প্ৰশ্ন হয়— এই দুয়োখন ছবিৰ মাজত আচলতে কিহৰ প্ৰতিদ্বন্দ্বিতা হৈছে?
প্ৰথমে পোনপটীয়া উপাৰ্জনৰ সংখ্যাবোৰলৈ চোৱা যাওক। ‘হনুমান অংশ’ই ২৪ দিনত ভাৰতত ৪০.১৩ কোটি টকা নেট উপাৰ্জন কৰিছে। ছবিখনৰ বিশেষত্বটো হ’ল ইয়াৰ আৰম্ভণি অতি সাধাৰণ আছিল। প্ৰথম দিনা ছবিখনে মাত্ৰ ১০ লাখ টকাহে উপাৰ্জন কৰিছিল। কিন্তু তাৰ পিছত ক্ৰমে পৰিস্থিতি সলনি হ’বলৈ ধৰিলে। ২৪ সংখ্যক দিন অৰ্থাৎ চতুৰ্থ দেওবাৰে ছবিখনে ১২.৭৫ কোটি টকাৰ আকৰ্ষণীয় উপাৰ্জন কৰে। ইয়াৰ আগৰ দিনটোত ছবিখনে ৯.২৫ কোটি টকা উপাৰ্জন কৰিছিল। অৰ্থাৎ এদিনতে প্ৰায় ৩৭.৮ শতাংশৰ বৃদ্ধি পৰিলক্ষিত হয়। আৰু এই সংখ্যাটোৱেই ছবিখনৰ আটাইতকৈ ডাঙৰ সফলতাৰ কাহিনী।
আনহাতে, যশৰ ‘টক্সিক’য়ে মুক্তিৰ মাত্ৰ পাঁচ দিনতে ভাৰতত ২১৪.১০ কোটি টকা নেটৰ সীমা স্পৰ্শ কৰিছে। পঞ্চম দিনটোত ছবিখনে ২৩ কোটি টকা উপাৰ্জন কৰে। বিশ্বজুৰি মুঠ সংগ্ৰহ ২৮৫.২০ কোটি টকা পাইছেহি। অৰ্থাৎ যদি কেৱল মুঠ উপাৰ্জনলৈ চোৱা যায়, তেন্তে প্ৰতিযোগিতাখন একপক্ষীয়— ‘টক্সিক’ বহুগুণে আগত। কিন্তু মূল টুইষ্টটো ইয়াতেই আছে।
‘হনুমান অংশ’ৰ বাজেট প্ৰায় ২ কোটি টকা। ইয়াৰ বিপৰীতে ছবিখনৰ ৪০.১৩ কোটি টকাৰ ভাৰতীয় নেট উপাৰ্জন ইয়াৰ বাজেটৰ প্ৰায় ২০ গুণ। আনফালে ‘টক্সিক’ৰ বাজেট প্ৰায় ৫০০ কোটি টকা আৰু পাঁচ দিনত ইয়াৰ ভাৰতীয় নেট উপাৰ্জন ২১৪.১০ কোটি টকা। অৰ্থাৎ ‘টক্সিক’য়ে পাঁচ দিনত যিমান টকা উপাৰ্জন কৰিছে, সেয়া এক বৃহৎ পৰিমাণ, কিন্তু ছবিখনে এতিয়াও নিজৰ প্ৰকাশিত বাজেটৰ পৰিমাণ স্পৰ্শ কৰিব পৰা নাই। আনহাতে, ‘হনুমান অংশ’য়ে ইয়াৰ সৰু বাজেটৰ তুলনাত এক অতি বিশাল বক্স অফিচ ৰিটাৰ্ণ দেখুৱাইছে। এই কাৰণেই উপাৰ্জনৰ ক্ষেত্ৰত ‘টক্সিক’ৰ সংখ্যাটো ডাঙৰ হ’লেও, বাজেটৰ তুলনাত অধিক উপাৰ্জন লাভ কৰা বাবে ‘হনুমান অংশ’ক এক অতি শক্তিশালী প্ৰতিদ্বন্দ্বী কৰি তুলিছে।
‘হনুমান অংশ’ক এক ‘শ্লীপাৰ হিট’ হিচাপে অভিহিত কৰা হৈছে আৰু ইয়াৰ সফলতাৰ আঁৰত ‘ৱৰ্ড অফ মাউথ’ৰ এক ডাঙৰ ভূমিকা আছে বুলি কোৱা হৈছে। সীমিত প্ৰচাৰ স্বত্বেও ছবিখনে দৰ্শকৰ মাজত সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে ‘টক্সিক’ৰ কাহিনী হৈছে তাৰকাৰূপ আৰু মেগা স্কেলৰ।
প্ৰায় ২ কোটি টকাৰ বাজেটৰ পৰা আৰম্ভ কৰি ৪০.১৩ কোটি ভাৰতীয় নেট পাবলৈ সক্ষম হোৱাটোৱে সূচায় যে ছবিখনে নিজৰ আকাৰতকৈ বহুগুণ ডাঙৰ প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। আনহাতে প্ৰায় ৫০০ কোটি টকা খৰচ হোৱা ‘টক্সিক’য়ে নিজৰ খৰচ তুলি তাৰ পিছত লাভৰ দিশলৈ আগবাঢ়িবলৈ এতিয়াও দীঘল বাট যাব লাগিব।
ডাঙৰ তাৰকাৰে সমৃদ্ধ বাবে ‘টক্সিক’ পূৰ্বৰে পৰা চৰ্চাত আছিল আনহাতে ‘হনুমান অংশ’ক আৰম্ভণিতে কোনেও গুৰুত্ব সহকাৰে লোৱা নাছিল কিন্তু এতিয়া ইয়াৰ গতি দেখি সকলোৰে দৃষ্টি এই চিনেমাখনৰ ওপৰতে পৰিছে আৰু চিনেমাখন উপভোগ কৰিবলৈ হললৈ দৰ্শকৰ সোঁত বৈছে।